পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ২২৯


কবিৰ যথেষ্ট পাণ্ডিত্য ফুটি ওলাইছে, আৰু ইয়াক সেইদেখি সংস্কৃতৰ আখৰুৱা ভাঙনি বুলি উলাই কৰিব নোৱাৰি। “বিবৰণমূলক তালিকা”ৰ মতে এই পুথিৰ ৰচনাৰ কাল ১৫৫৮ খৃঃ মান হব; কিয়নো ৰঘুদেৱৰ ৰাজত্ব (১৫৮১- ১৬০৩ খৃঃ) গোপাল দ্বিজই বৰনগৰত সংস্কৃত-চৰ্চ্চাৰ যি টোল ৰাখে, বৈকুণ্ঠনাথ ভট্টদেৱ (১৫৫৮-১৬৩৮ খৃঃ) আদি তাৰ ছাত্ৰ। এওঁৰ হৰিবংশ আগবয়সৰ আৰু তৃতীয় স্কন্ধ শঙ্কৰদেৱ-দামোদৰৰ তিৰোভাৱৰ পাছত ষোড়শ শতিকাৰ শেষ ভাগৰ ৰচনা বুলি ঠাৱৰ বৰা হৈছে।

 গোপাল মিশ্ৰ কবিৰত্নৰ পিতাক ধৰ্ম্মাই বা বলদেৱ; ককাক হৰিহৰ আচাৰ্য্যৰ ঘৰ মালীপুৰত। এওঁকে খুদীয়া আৰু উলুবাৰী সত্ৰৰ প্ৰতিষ্ঠাতা আৰু দামোদৰ, নিৰঞ্জন, আৰু বনমালীদেৱৰ গুৰু বোলে; দামোদৰদেৱে পাটবাউসী, নিৰঞ্জনদেৱে আউনিআটী , আৰু বলমালীদেৱে দক্ষিণপাট আদি সত্ৰৰ প্ৰতিষ্ঠা কৰে। নিৰঞ্জনদেৱেই জয়ধ্বজ সিংহ ( ১৬৪৪-৬৩ খৃঃ) ৰজাক শৰণ দিয়ে বুলি কয়; সেইদেখি এওঁ আন দুজন গোপালৰ নবীন সমসাময়িক বুলি বুজিব পাৰি। মাধৱদেৱৰ আনুগত্যত আৰু অনুকৰণত এওঁ “ঘোষা-ৰত্ন" ৰচি ভক্তি ধৰ্ম্ম বাখানে; আৰু পৰাধৰ্ম্ম -নিৰূপণ, শডঙ্খচূৰ বধ, মহীষাসুৰ বধ আদি আন কেইবাখনো পুথি এওঁ ৰচা বুলি কয়। অসমৰ সন্তসকলৰ বৰ্ণনাৰে সন্তনিৰ্ণয় পুথিৰ ৰচকৰূপে কৃষ্ণভাৰতী জনাজাত। “কৃষ্ণভাৰতীৰায়াতি বেদান্ত-কেশৰী। পলায়ুৰ্দ্ধং পলায়ুৰ্দ্ধং ভো ভো পণ্ডিতকেশৰী॥” এওঁৰ উল্লেখ প্ৰয়োদ-ৰত্নমালা-প্ৰণেতা পুৰুষোত্তম বিদ্যাবাগীশেও কৰিছে। যদি এওঁ শঙ্কৰদেৱৰ সমসাময়িক হয়, তেতিয়া হলে এওঁ এই পুথি ৰচা নহয় যেন লাগে। কৃষ্ণ আচাৰ্য্যৰ শঙ্কৰ-চৰিতৰ লগত সন্ত-নিৰ্ণয়ৰ মিলেও এই দুই গ্ৰন্থকাৰৰ নাম বা পুথিৰ খেলিমেলি থকা যেন দেখুৱায়। গোবিন্দ দাসৰ সন্ত-সম্প্ৰদায় কথা-পুথিৰ সামৰণিত—“সাধুসৱক সম্বোধিয়া সেৱা কৰিবাঁ, এতেকে সে মুক্তিক লভিবাঁ। অপৰাধী-সৱকো সদায় ক্ষমা কৰিবাঁ। ইতি, এটকা মহন্তৰ চৰিত্ৰ পুস্তুক সমাপ্ত।” এনে আৰু অনেক পুথি আছে; এইবিলাক অতি সম্ভৱ সপ্তদশ শতিকাৰ মাজ বা শেষ ভাৰ।  গোবিন্দ মিশ্ৰ পদ-গীতা এই যুগৰ এটি বিশেষ সম্পদ। এওঁৰ ঘৰ কামৰূপৰ বালি গাঁৱত পিতাক তাৰাপতি, ককাক কলাপচন্দ্ৰ, আজোককাক ৰামমিশ্ৰ। এওঁৰ পাণ্ডিত্য কবিত্বতকৈ হীন নাছিল; এই পদ-ভাঙনি সম্পৰ্কে