সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


এওঁক দামোদৰদেৱৰ শিষ্য বুলিছে কিন্তু এই উদ্ধৃতিৰ পৰা তেনে কথা স্পষ্ট নহয়; কিন্তু তলৰ উদ্ধৃতি আদিত এওঁক শঙ্কৰদেৱৰ শিষ্য বুলিহে দৃঢ় ভাৱে কোৱা বুলি ধৰিব পাৰি (১৮৯-৯৯পদ) :-

“কৃষ্ণৰ একান্ত নিষ্ঠ শ্ৰীমন্ত শঙ্কৰ শিষ্ট
 কামৰূপে ভৈলন্ত বেকত।
লোকৰ চিন্তিয়া হিত, পাষণ্ডক দমি নিত,
 প্ৰচাৰিলা ভক্তি বহু মত॥
নানা শাস্ত্ৰ প্ৰচাৰিয়া, ভকতক প্ৰকাশিয়া,
 আমাক দিলাঁহা চক্ষু দান।
কোটি কোটি কল্প যদি, উপকাৰ কৰি অতি,
 তভো গুণ শুজা নযায় তান।
বান্ধৱ কৃষ্ণক তেহে, আমাসাক চিনাইলন্ত ,
 ভক্তক কৰাইলাঁ পৰিচয়।
জ্ঞান-কৰ্ম্ম পথ খণ্ডি, ভকতিক দেখাইলন্ত
 হেন বন্ধু কেহ নাহিকায়॥
তান পদ অনুসৰি, বিৰচিলোঁ ইটো পদ,
 আৰ ফল বাঞ্ছো এহিমান।
তান্ত মোৰ ৰৌক মতি, বৈষ্ণৱত হৌক প্ৰীতি,
 মোৰ জন্ম হৌক যিটো স্থান॥”

 আন আন ঠাইত শঙ্কৰদেৱৰ গুণ এওঁ সহস্ৰ মুখে’ কৈছে- “আমাৰ বান্ধৱ বন্ধু শ্ৰীমন্ত শঙ্কৰ। কৰিলন্ত পদ তেঁহো চাৰি অধ্যায়ৰ॥ সিটো বচনক মই মনে আদৰিলোঁ। এতেকে ইসৱ কথা সংক্ষেপে কহিলো।” (৭৬৭ পদ)।

 তৃতীয় স্কন্ধৰ বাহিৰে এওঁ “হৰিবংশ”ৰ পদ কৰিছিল , আৰু এই সম্পৰ্কত লিখিছে, “গোপালে গুৰুৰ পাৱ প্ৰণমিয়া মনে। বলদেৱ বাক্য শিৰে ধৰিয়া যতনে॥ ইষ্ট কৃষ্ণ দেৱতাৰ অৰুণ চৰণে। পদচয় ভণে দ্বিজ গোপালচৰণে॥ হৰিবংশ ভাগৱত শ্ৰীবিষ্ণুপুৰাণ। তিনিৰ সঙ্গম কথা হৈবেক উত্থান॥ যমুনা জাহ্নবী সৰস্বতী এক স্থান। প্ৰয়াগো বহয় ইটো তাহাৰ সমান॥" একে হৰিবংশ কথা অতি সুচৰিত॥ তাতে ভাগৱত কৰিলোঁ মিশ্ৰিত॥ শ্ৰীবিষ্ণুৰ পুৰাণকো কৰিবোঁ জড়িত। তিনি মিলি হৈ অতি স্বাদ বিপৰীত॥” ইয়াত