পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী মাধৱদেৱৰ বহিৰাই ৰামদাস। আছে একে চলে দুই হ্যন্তে কৰি ৰাস॥ ৰামনাম-সুত ৰামৰণ নিশ্চয়। মাধৱদেৱৰ তেন্তে ভাগিন হোৱয়॥ পান্তু মাধৱদেৱ মহাব মনে। ফলা সময় পঢ়াইলন্ত অল্পদিনে॥ পঢ়াইলন্ত নামখড়ি সমস্তে পঢ়িলা। অনন্তেৰে সন্ধি-বৃতি পাঠ দিল॥। পঢ়াইলা মাধৱদেৱ ৰামচৰণক। পাৰিলা পঢ়িবে ভাল পদ-পয়াণক॥ ৰত্নাৱলী ৰত্নাকৰ আদি প্ৰভু যত। কৈলিকৃত্য ভৈলা আননা শাস্ত্ৰত পাৰ্গত। শিখাইলন্ত কায়হিকা বৃষ্টি সময়। অদ্ভুত লেখক ভৈলন্ত মহাশয়॥” ৰামৰণৰ বৰগীত “ডেকা ভাই" আগতে উদ্ধৃত কৰা হৈছে; এনে আৰু দুই এটি আছে। কসেবধ অঙ্কত ৰামচৰণৰ মৌলিকতা প্ৰমাণিত হৈছিল। ভক্তিৰয়াকৰৰ পদ শঙ্কৰদেৱৰ সংস্কৃত গ্ৰন্থৰ ভাঙনি। টীকাভাষ্য নামৰ এখন পুথিও কোনোৱে ৰামচ ৰণৰ বুলিব খোজে; কিন্তু তাৰ ভণিতাত ৰামচন্দ্ৰহে আছে। মাধৱদেৱে তেওঁৰ পাছত মহাপুৰুষীয়া ধৰ্মৰ আচাৰ্য হবৰ উপযুক্ত লোক নাই বুলি স্পষ্ট কোৱা সত্ত্বেও ( দৈত্যাৰিৰ গুৰু চৰিত, ১৫৬৯-৭৪ পদ) এই পৃথিত আচৰিতভাৱে তাৰ বিপৰীতে 'আমিও বহিবো গোপালত অন্তকালে" বুলি কোৱাইছে, ভাব-ভাষা সকলোতে “আদি চৰিতৰ দৰে ই নিকৃষ্ট বচন। অসমীয়া বৈষ্ণৱ সাহিত্যত কেবাজনো গোপালৰ নাম পোৱা হয়, তাতে এজন গোপাল আতা (১৫৪১-১৬১১)। এওঁক ভবানীপুৰীয়া বুলিও চিনায়, কিয়নো এওঁৰ আদি ৰ শিৱসাগৰৰ গড়গাঁও অঞ্চলত হলেও ভাটী বসত কাম- ৰূপৰ ভৱানীপুৰতহে বসতি কৰিছিল। এওঁৰ মাক ব্ৰজাঙ্গী আৰু পিতাক কামেশন; ২৫ বছৰ মান বসিত ও মাধবদেৱত শৰণ লয়। এৱেই পিছু কালসংহতিৰ প্ৰতিষ্ঠাপক বুলি কথিত আৰু দৈত্যাধিৰ গুৰু-চৰিতত (১৫৬৯- ৭৪ পদ) মাধৱদেৱে অসমৰ বৈষ্ণৱ ধৰ্ম্ম-গুৰুৰ আসনত বহি মোগ্য লোক নাই বুলি দৃঢ়ভাৱে কোৱা কথাৰ বিপৰীতে এই পৰব পন্থাৰ কোনোবা ৰামানন্দ দাসৰ গোপাল-চৰিতত আৰু ৰামচৰণৰ বোলা টাকা-ভাষ" নামৰ এখন “জাল” পুথিত “আমিও বহিবো গোপালত অন্তকালে” বোলা কথা ছলে- বলে সুমুৱাবৰ যত্ন ৰিছে। স্বৰূপতে “কা-ভা”ৰ ভণিতাতো ৰামচন্দ্ৰ নামহে আছে, তাক শঙ্কৰ-চৰিত-প্ৰণেতা মাধৱদেৱৰ ভাগিনেক ৰামচৰণ ঠাকুৰ বুলিবৰ হেতু নাই; ৰামানন্দ দাসেও দৈত্যাবি ঠাকুৰৰ মতেই “ঘোষা” পুথিতেহে মাধৱদেৱৰ বলবীৰ্য্য সকলো আছে বুলিছে। সি যি হওক, দুটিমান