পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


প্ৰমাণ পোৱা হয়; তেনেহলে ৰামসৰস্বতীৰ কাল আনুমানিক ১৫৫০-১৬৫০ খৃঃৰ ভিতৰত পৰে।

 এওঁ বনপৰ্ব্বৰ অন্তৰ্গত বিভিন্ন কাহিনীৰে সাতখনমান পুথি লিখিছে। ভীষ্ম পৰ্ব্ব আগছোৱাৰ ভণিতাত অনিৰুদ্ধ নাম ব্যবহাৰ কৰি শেষ ছোৱাত আৰু উদ্যোগ পৰ্ব্বত ৰাম সৰস্বতী উপাধিহে লিখা পোৱা হয়; যেনে, “অনিৰুদ্ধ বদতি শুনিয়ো সাধু লোেক।” (পদ ৩); “দ্বিজ অনিৰুদ্ধ কহে এৰাঁ আন কাম।” (পদ ৫৬); ৰাম সৰস্বতী ভণে এৰা আন কাম।" (পদ ১৩৫৫) “বোলে ৰাম সৰস্বতী প্ৰণমোহোঁ মাথ।” (পদ ১৫৮৮)। ভীষ্ম পৰ্ব্বৰ ভণিতাৰ পৰা বুজিব পাৰি, কুৰুক্ষেত্ৰ যুদ্ধৰ অকল যষ্ঠ দিনৰ বৰ্ণনালৈকে অনিৰুদ্ধ বা ৰাম- সৰস্বতীয়ে লিখিছে: সপ্তমৰ পৰা নৱম দিনৰ যুদ্ধলৈকে বিদ্যা পঞ্চাননে লিখা, আৰু দশম দিনৰ যুদ্ধৰ বৰ্ণনা আকৌ ৰাম সৰস্বতীৰ। কোনো কোনো হাতে- লিখা পুথিত নৱম দিনলৈকে হোৱা যুদ্ধৰ বৰ্ণনাৰ ভণিতা ৰাম মিশ্ৰৰ আৰু দশম দিনৰ বৰ্ণনাৰ ভণিতা ৰাম সৰস্বতীৰ। “নিদগতি বাম মিশ্ৰ সৱাৰে আগত। নৱ দিন যুদ্ধ এহিমানে সমাপত॥ দশ দিন পদ কৈলা ৰাম সৰস্বতী। আমাসাৰ কৃত এহি মানে সমাপতি॥” এনে স্পষ্ট কথাব সত্ত্বেও ৰামমিশ্ৰ আৰু বিদ্যা পঞ্চানন। আদিক ৰাম সৰস্বতীৰে একে পতা নিতান্ত প্ৰমাদযুক্ত বুলি ধৰিব লাগিব। দ্ৰোণ পৰ্ব্বৰ বিভিন্ন অংশও প্ৰাক্-বৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ বিভিন্ন কবিয়ে ৰচা জয়দ্ৰথ বধ কাব্যৰ আৰম্ভ আৰু শেষৰ ভণিতাত যথাক্ৰমে আছে “মতি অনুসাৰে। ভণে কবি সৰস্বতী। দ্ৰোণ পৰ্ব্বকথা পদবন্ধে নিগদতি। ৬৬১।” “বোলে ৰাম সৰস্বতী এড়ি আন কাম। ৯০০। ইয়াৰ পৰা দ্ৰোণ পৰ্ব্বৰ সৰহখিনি ৰাজকবি ৰাম সৰস্বতীৰ ৰচনা বুলি বুজিব পাৰি। কূৰ্ম্মাৱলী যুদ্ধ পুথিত সাগৰখৰি বা সাগৰ কবিৰ ভণিতা থকা সত্ত্বেও কোনো কোনোৱে ইয়াক ৰামসৰস্বতীৰ ৰচনা বুলিব খোজে, সি কোনোমতে যুক্তিযুক্ত নহয়। অশ্বকৰ্ণ যুদ্ধৰ ভণিতাত ভাৰতচন্দ্ৰ, ভাৰতভূষণ আদি নাম থকাত তাক অৱশ্যে ৰাজকবি ৰামসৰস্বতীৰ ৰচনা বুলিব পাৰি। যজ্ঞ পৰ্ব আৰু কালজঘা বধ কাব্যৰ ভণিতাতে কবিচন্দ্ৰ, ভাৰতভুষণ, ভাৰতচন্দ্ৰ, ৰামসৰস্বৰ্তী আদি নাম পোৱা হয়। অনিৰুদ্ধৰ ভণিতাৰে খটাসুৰ বধ আৰু ৰামসৰস্বতীৰ ভণিতাৰে লক্ষ্মীচৰিত্ৰ ইয়াৰ বাহিৰেও বিৰাট পৰ্ব্ব, আদি পৰ্ব্ব, পাঞ্চালী বিবাহ, ব্যাধ চৰিত আদি অনেক কাব্য ৰাজকবি ৰাম সৰস্বতীৰ বোলা হয়। তদুপৰি জয়দেৱৰ গীতগোবিন্দ