২১৮ নতুন সোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী সূকুলে হৰি ৰাজাৰ কনিষ্ঠ, পণ্ডিতৰো মধ্যে সব। ভাগবত ধৰ্মে শ্ৰীমন্ত শঙ্কৰে মনুক মথিলে যাব॥ ধৰ্ম-যশ-বলে যাৰ সম নাহি কাপ মধ] সাব। পৰম প্ৰ, দুৰ্জন দণ্ড, বৈৱক সতকাৰ॥ তাহন বাগ্যত আদৰে থাকিয়া বিবচিলোঁ ইটো পদ। ইটো কথা গুড়, মই ই / দোয়া ক্ষমা সভাসদ॥" আপুনি ঈশ্বৰ নৰপে জাত ভৈলা। তাহাঙ্ক নসহি ব্ৰাহ্মণসকলে ৰাজা আগে খল দিলা॥ জনমিয়া আসি ক্ষিতি-ভাৰ দূৰ লাৈ॥ এহি মনে গুণি ব্ৰাহ্মণসৱৰ কিছু মনে কোপ ভৈলা॥ আমাৰ জীবিকা- ন অঙ্গ হেৰে এইি মনে বৰ ভয়॥ এহিনে অঙ্গে ইটো বিপ্ৰসৰে শঙ্কলক নসহয়॥ নবাণ। নৃপতিত শ্ৰেষ্ঠত। আমাক আনিয়া আজ্ঞা কৰিলন্ত পদ কৰা ভাণতৰ॥ তাহৰ আয়াত বিবদ্ৰিলো। আমি চৌব্বিশ হাজাৰ পদ! মূল শ্লোক আৰ এিংশ যে হজাৰ ব্যাসৰ মুখে নিৱন্ধ॥ এনেবোৰ উদ্ধৃতিৰ পৰা পৰিষ্কাৰকৈ বুজিব পৰা হয়, ইমান দিনে অনন্ত কলীৰে একে পত্ৰ আৰু জাতত বামুণ বুলি ভুল কৰি অহা অনিৰুদ্ধ ৰামসৰস্বতী এজন স্বতন্ত্ৰ বৈৱ কৰি, আৰু নবীন সমসামৰিকৰূপে এওঁ শঙ্কৰদেৱৰ সহায়ত ৰাজ-অনুগ্ৰহ লাভ কৰি নৰনাৰায়ণৰ সভাকৰি হয়। নৰনাৰায়ণৰ জীৱন- কাগতে ভাসেক চিলাৰায়ৰ পুতেক লঘুদেৱ (১৫৮১-১৬০৩ খৃঃ) সোণকোষৰ পূবে গোৱালপাৰা, কামৰূপ, বৰ্তমান মঙ্গলদৈ মহকুমা আৰু মৈমনসিংহৰ এছোৱাত আৰু নৰনাৰায়ণৰ মৃত্যুত পুতেক লক্ষ্মীনাৰায়ণ (১৫৮৪-১৬২২ খৃঃ) সোণকোষৰ পছিমে কোচবিহাৰ, দিনাজপুৰ, জলপাইগুৰি আৰু বংপুৰ জিলাত ৰজা হয় বুলি আগতে কোৱা হৈছে। মুদেৱৰ মৃত্যুৰ পাছত পৰীক্ষিত নাৰায়ণ (১৬০৩ - - ১৩ খৃঃ) আৰু এওঁৰ পাছত এওঁৰ ভায়েক বলীনাৰায়ণ বা দৰঙী ৰজা ধৰ্ম্মনাৰায়ণ (১৫১৫-৩৭ খৃঃ) ৰাপোটত উঠে; আৰু এওঁলোকৰ ৰাজধানী বনগৰৰ ঘিলা- বিজয়পুৰত আছিল। নৰনাৰায়ণৰ মৃত্যুৰ পাছত ৰামসৰস্বতী কোছবেহৰি পৰা ৰঘুদেৱৰ ৰাজধানী বিজয়পুৰলৈ আহি ধৰ্মনাৰায়ণৰ ৰাজত্বলৈকে তাত থকাৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২০
অৱয়ব