পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথিৰ বিৱৰণমূলক তালিকাৰ বিয়ে সম্পাদকে ইমানাতে এওঁক হৰিদেৱী পন্থাৰ প্ৰৱক হৰিমিশ্ৰৰ পুত্ৰ বুলিৰ থোজে; কিন্তু অনন্ত কদলীবহে এই উপাধি প্ৰসিদ্ধ দেখি ইয়াক তেওঁৰ ৰচিত বুলি আন প্ৰমাণ নোপোৱালৈকে ধৰিব লাগিব নিশ্চয়। প্ৰকাশিত জন্মবহস্য পুথিত সুচন্দ্ৰ ভাৰতীৰ ভণিতা দিছে। এনে কোনো কবিৰ নাম নজনাত সম্প্ৰতি ইয়াকো শ্ৰীচন্দ্ৰভাৰতী ৰচনা বুলি ধৰিব পৰা হয়। বৃহৎ স্যমন্ত হৰণ পুথিত অনন্ত বদলীৰ ভণিতা শুদ্ধভাৱে থকাত সন্দেহৰ কোনো কথা নাই, অনন্ত কন্দলীৰ আৰু কিমান পুথি লুপ্ত আছে কোৱা টান। অনিৰুদ্ধ ৰামসৰস্বতী ভাৰতভূষণচন্দ্ৰ কবিসৰস্বতী “তীয়পৰ্বৰ ভাঙনিৰ এটা ভণিতাত পোৱা হয় (১৩৫০-৫৩ পদ)= সমৰূপ মধ্যে গ্ৰাম নাহিকে উপাম। তাতে গ্ৰাম ভৈলা চমৰিয়া যাৰ নাম॥ সেহি গ্ৰামেশ্বৰ ভৈলা কবি চুড়ামণি। পণ্ডিতগণৰ মধ্যে যাক অগ্ৰগণি॥ গোবিন্দ ভকতিত যাহাৰ দিন গৈল। আত অনন্তৰে ভাৰ দুই পুত্ৰ ভৈল॥ জ্যেষ্ঠ ভৈল কবিচন্দ্ৰ অতি শুদ্ধ মতি। ভাহান অনুজ ভৈল বাম সৰস্বতী॥ এওঁ নৰনাৰায়ণৰ ৰাজৰ বাম সৰস্বতী নহয়। প্ৰকৃত বাম সৰস্বতীৰ চিনাকি পোৱা হয় “মণিচন্দ্ৰ ঘোষ বন-পৰ্বৰ এই ভণিতাত (১৪২৩-২৪ পদ)। “শূদ্ৰ কূলে জাত হয়া পঢ়িলোঁ শাক। গুৰু বাক্যে চিনিলোঁহো ঈশ্বৰ কাক॥ পিতৃমাতৃয়ে অনিৰুদ্ধ নাম দিল। কবিচন্দ্ৰ নাম মোৰ দেৱানে বুলিলা॥ ৰাম সৰস্বতী নাম নৃপতি দিল। ভাৰতৰ পদ মোক কৰা বুলিলন্ত॥” উদ্যোগ পৰ্বৰ ভণিতাতে “গুণৱন্ত বংশধৰ, তেহে কৰিচন্দ্ৰ বৰ, সম্বদ্ধত সোদৰ আমাৰ। যাৰ মহা কৃপা লেশে, শিক্ষা-স্নেহ, উপদেশে, ইটো পদ কৰিলে। প্ৰচাৰ॥ বোলা জন নকলবামসৰস্বতীহে। আদি বনপৰ ভণিতাত “বোলে ৰামসৰস্বতী মই হীন জভি। ভক্তি ধনে মোক কিনি লোৱা লক্ষ্মীপতি।” (পদ ১৯৩); “ভাৰত ভূষণে, কৰে তুতিনভি, কৃষ্ণৰ নমি চৰণ।" (পদ ৮২৫); “কহে কবি-সৰস্বতী মুকুন্দ কিঙ্কৰ।” (পদ ১০৪৬) : এওঁহে প্ৰকৃত ৰাম সৰস্বতী। বনপৰ্বৰ অন্তৰ্গত বিজয় উপপৰ্বৰ ভণিতাত এওঁহে আমাৰ ভাৰত চন্দ্ৰ নাম দিলা, কবিচন্দ্ৰ নাম আৰ।” (পদ ৩৩২১) বুলিছে। দ্ৰোণপৰ্বৰ ভাঙনি