ইসৱ প্ৰমুখ্যে যত আছয় পটল। তোমাৰ আগত তাক কহিলোঁ সকল॥
ঘোষা ৰত্নাৱলী দশম কীৰ্ত্তন আৰ। নাম কৰি লেখা থৈবা তুমি আসম্বাৰ॥
সচাকৈয়ে সদৌ ভাৰতীয় ধৰ্ম-সাহিত্যত গীতা-ভাগৱতৰ যি ঠাই, অসমৰ বৈষ্ণৱ সাহিত্যত কীৰ্ত্তন-নামঘোষাৰ সেই আসন। শঙ্কৰদেৱৰ কীৰ্ত্তন-দশম আদিত যিবোৰ তত্ত্ব উপদেশৰূপে সিচৰতি হৈ আছে, নামঘোষাত সেয়ে “পকা বগৰিৰ দৰে; বাহিৰে খাবলৈ কোমল, ভিতৰত গুটিটি টান।" গীতা মে হৃদয়ং পাৰ্থ" বুলি শ্ৰীকৃষ্ণই যিদৰে কৈছে, “ঘোষাতে সমস্ত মোৰ বল-বুদ্ধি যত" বুলি মাধৱদেৱেও সেইদৰেই কৈছে। অকল এয়েই নহয়, নামঘোষাৰ সহস্ৰেক ঘোষাৰ অতি সৰহখিনিয়েই নানা শাস্ত্ৰৰ ভাঙনি। ভাৰতৰ ভক্তি- ধৰ্মৰ প্ৰথম প্ৰৱৰ্ত্তক আৰু প্ৰচাৰক দক্ষিণ ভাৰতৰ আলোৱাসকলৰ সহস্ৰেক তামিল গীত" সংগৃহীত আছে। মাধৱদেৱৰ “হাজাৰী ঘোষা" নামৰ তাৰ লগত কিবা সম্পৰ্ক আছে নে নাই কোৱা টান। যি হওক, নামঘোষাৰ কাব্য গুণৰ মূল্যাঙ্কন কৰোঁতে স্বভাৱতে এনে প্ৰশ্ন হয়, ইমানবোল বিভিন্ন গ্ৰন্থৰ পদ-ভাঙনিকে ঘাই সম্বল কৰি লিখা এখন গ্ৰন্থৰ ঐক্য আৰু মৌলিকতা ক’ত? ইয়াৰ উত্তৰত কব লাগিব, ইয়াৰ ঐক্য হল ভক্তি কবিৰ ভাৱ- সমন্বয়ত, আৰু ইয়াৰ মৌলিকতা হল তেওঁৰ অপূৰ্ব কবি-প্ৰতিভাত। এটি ঘোষাত আছে—“হৰি-ভক্তি ৰাজমাৰ্গ গুৰু-পদ-নখ-চন্দ্ৰ প্ৰকাশিত, শ্ৰুতি জননীৰ পদ-পথ অনুসৰি৷ ফুৰোঁ হুয়া আমি আনন্দিত, স্খলন নাহিকে কদাচিত, মহাজনে সৱে জানিবা নিশ্চয় কৰি।” নামঘোষাৰ ৰত্ন-ভাণ্ডাৰৰ ইয়াকো সচাৰ- কাঠি বুলিব পাৰি; কিয়নো “ গুৰু, পদ-নখ-চন্দ্ৰত “গুৰু” “ভকত" দুইকে, আৰু “হৰি-ভক্তি ৰাজমাৰ্গত “নাম” আৰু “দেৱ" উভয়কে , অৰ্থাৎ মহাপুৰুষীয়া ধৰ্মৰ চাৰি শৰণৰ তত্ত্ব দেখা পাওঁহঁক। ধৰ্মকাব্য স্বৰূপেও ইয়াত সঙ্গ্যা- ললিত-কান্তাৰ দৰে মাধৱদেৱৰ আত্ম-লঘিমা, গুৰু-গৰিমা, আৰু প্ৰেম-মহিমাৰ তিনি সুতি একেটি হৈ বৈ গৈছে; আবশ্যে আটাইতকৈ আচৰিত আৰু নয়নাভিৰাম দৃশ্য, বসন্তৰ ভাপ পাই কঠোৰ বৰফ পৰ্বতবোৰ লাহে লাহে গলি বা আধা-গলা হৈ তুষাৰ-নদীত পৰিণত হোৱাৰ দৰে বেদ-বেদান্তৰ কঠিন তত্ত্ববোৰ ভক্ত কবিৰ অনুভূতিৰ উম লাগি অনুপম বা স্বৰ্গোপম কবিতাৰ অমৃত হৈ বাগৰি আহিছে - যেন “ হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি॥”