পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


ছেদ-ৰেখা এয়ো। তদুপৰি মহাভাৰত কিয়, হৰিবংশ, বিষ্ণুপুৰাণ আদি মুল কৃষ্ণ-চৰিত থকা কোনো ঘাই পুথিত ৰাধাৰ নাম নাই; প্ৰায় একাদশ শতিকাৰ অৰ্বাচীন ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ এখনত প্ৰথমতে এই ৰাধাৰ অৱতাৰণা, আৰু তাকে জয়দেৱ, বিদ্যাপতি, চণ্ডীদাস আদি কবিসকলে টনা-আজোৰা কৰি সহজীয়া বা পৰকীয়া প্ৰেমৰ এই কাহিনীৰ লগত কৃষ্ণ-চৰিত সাঙুৰি পেলালে। ভাগৱতৰ ৰাস-পঞ্চাধ্যায়ৰ ভিতৰত এঠাইত কৃষ্ণ-বিৰহত গোপীসকল উন্মত্ত হৈ ফুৰোঁতে ৰাতি হাবিৰ মাজত ভ্ৰমাত্মক মূৰ আৰু ঈৰ্ষাজনিত চকুৰে, কৃষ্ণই কোনোবা এজনী গোপীক পলুৱাই নিয়া খোজৰ চিন দেখি “অনায়াবাধিতো কৃষ্ণ ভগৱান্ হৰিবীশ্বৰঃ’’ বুলি সেই কাল্পনিক গোপীৰ ভাগ্যক খিয়াল কৰিছিল বুলিছে; আৰু এই “অনয়াৰাধিতো’’ শব্দৰ পাৰতে ৰাধা বা ৰাধিকা গজি উঠাৰ ফলত মূল ভাগৱতত ঘুণাক্ষৰেও নথকাতো, সহজ-ৰসিক পণ্ডিতসকলৰ টীকা-টিপ্পনিত কৃষ্ণক পিছলৈ ঠেলিও ৰাধা আগ বাঢ়ি আহিল। সি যি হওক, সেীভাগ্যক্ৰমে অসমীয়া বৈষ্ণৱ ধৰ্ম্মৰ ওপৰত ইয়াৰ অস্বাস্থ্যকৰ প্ৰভাৱ কেতিয়াও পৰা নাই; কেলি- গোপালত উপৰুৱা ৰসসৃষ্টিৰ বাহিৰে কোনো মূল কথাত “ৰাধা” সোমোৱা নাই নিশ্চয়৷

ৰুক্মিণীহৰণ সৰবৰহী বিষয়তো শঙ্কৰদেৱে এখন সুকীয়া কাব্য আৰু ভাগৱতৰ পদ-ভাঙনিত বৰ্ণনা দিও- হেপাহ নপলোৱাত, আকৌ এই অঙ্ক ৰচে-

“ৰাম ৰায় ভকত সুজান।
ৰুক্মিণীহৰণ নাট প্ৰধান।

   

কৰাৱত কৃষ্ণে নাট নিৰমাণ॥
কৃষ্ণ কিঙ্কৰ এহি শঙ্কৰ ভাণ॥’’

আন কেখন নাটৰ দৰেই ইয়াৰ অঙ্কীয়া কাৰুকাৰ্য্য আৰু ব্ৰজবুলি-মিহলি অসমীয়া গদ্য অতি বিতোপন; কিন্তু ইয়াত আমি যথাক্ৰমে শঙ্কৰদেৱে ৰচি ভাটৰ মুখত দিয়া কক্মিণী আক কৃষ্ণৰ অনুপম বৰ্ণনা দুটি আৰু সুগহীন পদ্যত দিয়া ৰুক্মিণীৰ প্ৰেম-নিৱেদনৰ পত্ৰখনিৰহে বিশেষ উদ্ধৃতি দিম-

“হামাক কুণ্ডিন নগৰী অনুপাম।
ভীষ্মক ৰাজ নন্দিনী বৰ বালা।
কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
নয়নক পেখি পাই বৰ লাজ।
বন্দুলি অধিক অধৰ কৰু কান্তি।
সুৱলিত ভূজযুগ ৰতন মোলান।

   

আছে কন্যা এক ৰুক্মিণী নাম।৷
বাঢ়য় জিনি নৱ চান্দক কলা॥
বয়নক পেশি চান্দ ভেলি দূৰ॥
কয়ল ঝম্প কমল জল মাজ॥
ওতিম মোতিম দশন পান্তি॥
উৰু কৰিকৰ কটি ডমৰুক থান॥