যত পুৰোহিত ঋষি। বামনৰ ৰশ্মি ৰাশি।২১৪।
নিস্প্ৰভ কৰিলা আতি। সুৰ্য্য আগে যেন বাতি।
সমস্ত নিস্তেজ প্ৰায়। অন্যো অন্যে বোলে চাই॥২১৫।
আসন্ত আদিত্য চলি। চাহিবাক যজ্ঞস্থলী॥২১৬।
কেহো বোলে হুতাশন। আসি ভৈল উপসন্ন॥২১৭।
বামনে তিনি পদ ভূমি খোজাত বলিৰ উপমাও বিতোপন⸺
যেন মহা দুঃখিত দৰিদ্ৰ কোন জন। কুবেৰক পায়া সিটো খোজে অল্প কণ॥
ৰত্নদ্বীপ পায়া হেন পাইলেক বিবুদ্ধি। বালিক নাৱত তোলে ৰত্নক নুসুধি॥
বলিৰ কথাত বামনৰ সমিধান গভীৰ উপদেশপূৰ্ণ—
ত্ৰৈলোক্যত যত যত আছে, ধন-ধান। দিব্য নাৰী আছে যত সুন্দৰী প্ৰধান।
যত দিব্য ঘৰ-বাৰী বস্ত্ৰ-অলঙ্কাৰ। সৱেও নুপূৰে মন এক লুভীয়াৰ॥
সপ্তদ্বীপা পৃথিবী কৰিলা অধিকাৰ। তথাপি বাঞ্ছাৰ কেহো নাপাইলেক পাৰ॥
ইন্দ্ৰিয়ক জিনি যিবা এৰিলে আক্ৰোশ। সি সি মহা সুখী যিটো অল্পতে সন্তোষ॥
তাৰ পাছত বামণৰ বিশ্ব-জিনা খোজৰ বিস্ময়কৰ বৰ্ণনা। আত্মা-পৰিচায়ক ভণিতা ধৰ্ম-সাহিত্যৰ উমেদাৰৰ সংকোচেৰে পৰিপূৰ্ণ—
অশেষ তীৰ্থৰ পানী, বৃষ্টিজলে মিশ্ৰ জানি,
তাক কোনে গণিত্যাগ কৰে।
যেন মহৌষধি পাইলে, যেই সেই মতে খাইলে,
সমস্ত বাধিক যেন হৰে।
কৃষ্ণ-কথা সেহি মত, হৰে পাপ তৃণৱৎ,
তাক শুনি হুয়োক সন্তোষ৷
জানিয়া মুৰ্খৰ পদ, নিনিন্দিবা সভাসদ,
অজ্ঞানীৰ কোনে ধৰে দোষ॥৩৫৫।
তেনেহলে শঙ্কৰদেৱে নিজৰ অতি সৰহখিনি নাটক নামনি অসমলৈ যোৱাৰ আগতে ৰচিছিল; কেৱল ভণিতাৰ পৰা শ্ৰীমদ্ভাগৱতৰ পদ-ভাঙনিৰ দুই এক স্কন্ধ উজনিত অলপ আগবয়সত কৰি আনখিনি নামনিত লিখা বুলি ধৰিব পাৰি। ৰামানুজাচাৰ্য্যই কাঞ্চীপূৰ্ণৰ উচ্ছিষ্ট খাবলৈ বাঞ্ছা কৰাৰ দৰে অনন্ত কন্দলীয়েও গুৰু শঙ্কৰদেৱৰ উচ্ছিষ্ট খাবলৈ বাঞ্ছা কৰা এটা কাহিনী বৰদোৱা গুৰু-চৰিতত আছে। কিন্তু য'ত কাঞ্চীপূৰ্ণই শাৰীৰিক বাগি-বুগা দি সাৰিল,