পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৮ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী জগত নায়ক অসমলৈ যোব আগতে ৰচিত বুলি বুজিব পাৰি। “গৰুড় পুৰাণ কৃষ্ণ অৰ্জন সম্বাদ।” এই পুথি ৩১৩ পদত সমাপ্ত হৈছে। কিন্তু ডিব্ৰুগড় এজেন্সী কম্পেনীৰ পবা শঙ্কৰদেৱৰ ভণিতাৰে ১৪৯ আৰু আধা পদত সমাপ্ত হোৱা এখন গৰুড় পুৰাণ প্ৰকাশিত হৈছে; এই পুথিও শঙ্কৰদেৱৰ ভকতি-প্ৰদীপৰ এটি সুকীয়া ভাগ বুলি অনুমান হয়। গুণ-মলা পুথি “বাৰ স্কন্ধ ভাগৱত শাস্ত্ৰ বহি ভাত বান্ধোতে গাব পৰাকৈ” শঙ্কৰদেৱে বৰদোৱাত থাকোতেই ৰচা পুথি, নৰনাৰায়ণৰ সভাৰ পণ্ডিতবিলাকে এনে কাম “ভুৰুকাত হাতী ভৰোৱাৰ নিচিনা অসম্ভব কথা বোলাত শঙ্কৰদেৱে এই পুথিতে অলপমান জোৰা দি আনি হাতত দিয়াত ৰজা পৰম সন্তুষ্ট হয়। নমো নবায়ণ, সংসাৰ কাৰণ। কত তাব, তোমাৰ চণ॥ তুমি নিবন, দনৰ শৰ্থন, গোপিকা নন। বেদান্ত গায়ক, বংশী বাকে। মুকুতি দয়ক॥ কণা সৰ্বসিদ্ধি। বিধাতাৰ বিধি, দীন দয়ানিধি॥ অভিনৱ কুসুম মালা ছদব একুৰি দুটি পদত ইয়াক সামৰিছে- বুদ্ধকালে ছন্ন, কবি বেদগণ। মুহিলাহ মন, ত্যজিয়া সখন॥ নুয়া কী চণ্ড, যতে পায়। বিহিলাহা দণ্ড | দশ অৱহাৰ। পৃথিবীৰ ভাব, ঘডিলা অপৰি॥ কুফৰ কিঙ্কৰে, বছিলা শঙ্কৰ হৰি হৰি নৰে, বোলা নিকৰে॥ এই পুথি যে সমসাময়িক সমাজত কিমান বববহী আৰু প্ৰভাৱশালী আছিল পুৰুষোম ঠাকুৰে ঠিক এই দুন্দতে লিখা গুৰু-গুণমালাই সাক্ষী। তাতে এই পুথিৰ উল্লেখ আছে- ৰাজা বুলিলন্ত বাহয় স্কন্ধক। কৰি বাক্য এক দিকে প্ৰত্যেক॥ শঙ্কৰ আসিলা বহু স্কন্ধ চাইলা। কৃ৪-গুণমালা নিবন্ধ কবিলা॥ নিমি-নৱসিদ্ধ সম্বাদ শঙ্কৰদেৱৰ ৪২৭ পদৰ এখন পুথি—বজা নিমি আৰ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ |৪৯।" মাধৱদেৱৰ ভক্তি-সত্নাৱলী প্ৰসঙ্গত এই পুথিৰ বিশেষ কাহিনী এটি উল্লেখ কৰা হৈছে। নিমিয়ে যন্ত্ৰ পাতি নৱসিক নটি প্ৰশ্ন কৰিলে আৰু তেওঁলোকেও এটি এটিকৈ উত্তৰ দিলে। কোন ভাগৱত ধৰ্ম্ম, ভক্ত বুলি কাক। কোন মায়া, কেনবা উপায়ে তৰে তাক। কোন বুলি ব্ৰহ্ম, কৰ্ম্মযোগ কাৰ নাম। অৱতৰি কেশৱে কৰন্ত কোন কাম॥ কৰি খণ্ড খণ্ড, ধৰি বাৰবাৰ,