পাৰিষদ বোলাই কৰাঁহা চটি। নোহিকা বৈষ্ণৱ দুয়ো কপটী॥
বৈকুণ্ঠৰো আনা দূৰ্যশ বড়। ঐৰ পৰা তোৰা দুহান্তো গড়॥২৪২॥
ইমান খঙতো উভয় পক্ষৰ মৰ্যদা ৰাখিছে, এবাৰো “তই” বোলা নাই।
ইফালে হৰ-মোহনত “তই”ৰ মূল্য আৰু মৰ্যদা বঢ়াইছে⸻
যেহি লাগে বোল বান্ধৈ তাক মই কৰোঁ। মুখ চাই নমাত আতেসে বৰ হাৰোঁ॥
তই যেবে নাহস আপুনি চাপোঁ কোল। এহি বুলি লাসে লাসে হয়া যাস্ত ভোল॥
এই দৰেই বিপ্ৰপুত্ৰ আনয়নত “মনোজয় গতি"ৰে “লোকালোকৰ সিভিতি" পাই––
প্ৰবেশিলা ঘোব অন্ধকাৰে। ঘোড়া আৰ যাইবাক নপৰে॥
হেন দেখি যোগেশ্বৰ হৰি। আগক তুলিলা চক্ৰ ধৰি॥
দয়াময়, গোপীনাথ আদি নুবুলি “যোগেশ্বৰ” বোলাৰ মৰ্ম্মই এই যে যোগৰ
বলেৰে যোগৰ গৰাকীয়েহে এই কাম সম্পন্ন কৰিব পাৰে। এই অনুক্ৰমে
অলেখ উদাহৰণ দি দেখুৱাব পাৰি কাব্যশিল্পী ৰূপেও জগতৰ সাহিত্যত
শঙ্কৰদেৱৰ ঠাই কিমান ওখত। কিন্তু ইমানৰ সত্ত্বেও খন্তেকো পাহৰিব নালাগিব,
কীৰ্ত্তন ঘোষা অসমীয়া প্ৰথম আৰু প্ৰধান ধৰ্ম্মগ্ৰন্থ, আৰু বাহিৰৰ প্ৰসঙ্গবোৰ
এৰিলে শাহত ই এক বিশ্বজনীন ধৰ্ম্মৰ প্ৰচাৰ কৰিছে।
হৰিশ্চন্দ্ৰ উপাখ্যান সম্পৰ্কে কথা-গুৰুচৰিত্ৰৰ এটি আখ্যানত কোৱা হয়, পাটবাউসীতে গোপাল নামে ভকত এজনে এই পুথিৰ পদ গাই চাউল মাগি সৰহ, চাউল পোৱা শুনি শঙ্কৰদেৱে খেদ কৰিছিল –“ভকতিৰ চাৰি খুটি মাৰি প্ৰথমে কৰা শস্ত্ৰখানি ভিক্ষুক হল।” এই কাহিনীৰ পৰা আৰু পুথিৰ ৰচনা আদি ভিতৰুৱা প্ৰমাণৰ পৰাও ইয়াক শঙ্কৰদেৱৰ আগ-বয়সৰ ৰচনা বুলি বুজিব পাৰি; কীৰ্ত্তন-ঘোষাৰ আৰম্ভণৰ আগ নহলেও ই তাৰ ভিতৰতে লিখা হব পাৰে, যিহেতুকে একুৰি পাঁচখন কাব্যৰ সেই কাব্যকোষ সমাপ্ত কৰিবলৈ শঙ্কৰদেৱে নিশ্চয় ভালেমান বছৰ লৈছিল। পাতনিতে⸺
মাৰ্কণ্ডেয় পুৰাণৰ কথাতে প্ৰধান। পয়াৰে ৰচিলোঁ হৰিশ্চন্দ্ৰ উপাখ্যান।
বিষ্ণু-বৈষ্ণৱৰ কথা দুয়ো সমতুল। শ্ৰৱণ কীৰ্তনে কৰা পাপৰ নিৰ্ম্মূল॥
চাণ্ডাল পৰ্য্যন্ত কৰে সৱাকে পৱিত্ৰ। জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ॥
“ধৰ্ম্মৰ চাৰি খুটি” পুতি যজ্ঞ কৰিবলৈ লৈ হৰিশ্চন্দ্ৰই যেতিয়া “মামুলি"-