বৈকুণ্ঠ-প্ৰয়াণৰ লগৰ কাব্য উদ্ধৱ-সম্বাদৰ বিৱৰণ আগতে দিয়া হৈছে। শঙ্কৰদেৱৰ প্ৰচাৰিত দাৰ্শনিক তত্ত্ব আকৌ সংক্ষেপে উদ্ধৱ-কৃষ্ণ প্ৰসঙ্গত কৰ্ণাইছে (১৮১৮-২৪)। উড়েষা বৰ্ণন শঙ্কৰদেৱৰ কীৰ্ত্তন-ঘোষাৰ পৰিশিষ্টৰ ভিতৰুৱা আৰু ব্ৰহ্ম পুৰাণৰ পৰা সংগৃহীত বিৱৰণ। ই গুৰুজনাৰ আগবয়সৰ ৰচনা; পাছত কোনো আসোঁৱাহ আশঙ্কা কৰি শঙ্কৰদেৱে ইয়াক বাদ দিব খোজাত চতুৰ মাধৱদেৱে কাকুতি কৰি “কৃষ্ণ-সূৰ্য্য ভৈলন্ত উদিত। নাম-ধৰ্ম্ম কৰিল বিদিত॥” আদি ঘোষাৰে শেষ দুই অধ্যায় লিখাই তাক পৰিশিষ্টত ঠাই দিয়ায় বুলি কিম্বদন্তী প্ৰচলিত আছে। ইয়াৰ প্ৰসিদ্ধ পদ—
মায়াতেসে দেখয় বিবিধ পৰিচ্ছেদ। স্বৰূপত তোমাৰ নাহিক কিছু ভেদ॥
চৈতন্য স্বৰূপে ব্যাপি এক নিৰঞ্জন। তোমাক বুলিব দ্বৈত কোন অজ্ঞ জন॥
অকল শঙ্কৰদেৱৰ নিজৰ ৰচিত একুৰি পাঁচখন কাব্যৰ সংগ্ৰহ কীৰ্তন-ঘোষা প্ৰথমতঃ অসমৰ বৈষ্ণৱ ধৰ্ম্মৰ তথা শঙ্কৰদেৱৰ আদি আৰু ঘাই গ্ৰন্থ। ইয়াক নিয়মিতভাৱে অসমীয়া বৈষ্ণৱ মাত্ৰই থাপনা পতি সেৱা কৰে। তদুপৰি ইয়াক ধৰ্ম-উপদেশ ৰূপে তাল ধৰি চাপৰি বজাই গাবলৈহে যে আদিতে ৰচা হৈছিল, ইয়াৰ নামেই তাৰ সাক্ষী ; গতিকে সাহিত্যিক মূল্য-নিৰপেক্ষ ভাৱে ইয়াৰ এনে এটা স্বতন্ত্ৰ মূল্য আছে যে সাহিত্যিক গুণত ইয়াতকৈ কুৰি গুণে হীন হোৱা হলেও ই ধৰ্ম্মগ্ৰন্থৰূপে এতিয়াৰ সমানেই পূজনীয় হৈ থাকিব পাৰিলেহেতেন। কিন্তু অসমীয়াৰ সৌভাগ্যৰ হেতুকে সাহিত্যিক মুল্যতো শঙ্কৰদেৱব তথা অসমীয়া বৈষ্ণৱ সাহিত্যৰ ই আদি হৈও শ্ৰেষ্ঠতম গ্ৰন্থ। অসমীয়া ধৰ্ম্মজগতৰ দৰে, সাহিত্য-জগততো এক নতুন যুগ-প্ৰৱৰ্তনকাৰী ই এক বিজয় স্তম্ভ। সমসাময়িক সমাজ আৰু সাহিত্যৰ যে কথাই নাই, এই পাঁচশ বছৰেও ইয়াৰ আদিৰ টুটা নাই, বৰঞ্চ বাঢ়িছেহে। আধুনিক সাহিত্যিক বিচাৰতো কি ছন্দ, কি অলঙ্কাৰ , কি ভাব, কি অৰ্থ , সকলো ফালৰ পৰাই জুইত পৰীক্ষা কৰা সোণৰ দৰে ইয়াৰ জেউতি চৰেহে কেতিয়াও ম্লান নপৰে। কালিদাসৰ কুমাৰসম্ভৱ বা ৰঘুবংশ, মিল্টনৰ স্বৰ্গহৰণ বা পুনঃস্বৰ্গলাভ বোলা অমৰ কাব্যবোৰতো কীৰ্ত্তন- ঘোষাৰ নিচিনাকৈ ভাব বা ৰসৰ সলনিৰ লগে লগে উপযোগী ছন্দৰ অৱলীলা দেখিবলৈ পোৱা নহয়। কাব্যচৰ্চ্চা নিতান্তই গৌণ আৰু ভগৱদ্ভক্তিয়েই। প্ৰকাশ্যভাৱে মুখ্য উদ্দেশ্য হলেও, ছন্দ-বৈচিত্ৰ্যৰ দৰেই ইয়াৰ শব্দ-বিন্যাসৰ পৰিপাটি গুণলৈ মন কৰিলে বিষ্ময় নামানি নোৱাৰি। অথচ তাত কবিৰ যত্ন-