পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ১৫১ দেখিলে মাত্ৰকে দেৰে-তীৰ্থে জানা ভকতে পবিত্ৰ যত নদীনা সিয়ে তীৰ্থ হয়, শিলান প্ৰতিমা দেব। তেম্বে পবিত্ৰ কৰে যেৰে পুন ইকাল কৰে সে। কৰে লোক বিল। ভয়ন অনেক মজুদ॥ জবাসন্ধ যুদ্ধ, কালযৱন ৰখ আৰু মুচুকুন্দ স্তুতিও তেনে শিক্ষামূলক আখ্যান, আৰু এইবাৰৰ ভিতৰেদিও তেনে উপদেশকে ভৰাই দিয়া হৈছে-- “যোগক অভ্যাসে যিটো ভকতিক এড়ে। তাহাবেসে মন দুনাই সংসাৰত পৰে॥ ১৩৯৩।” ভাগৱত শাস্ত্ৰ লাভ কৰাৰ পাছৰ পৰা শঙ্কৰদেৱে যোগ অভ্যাস এবি দিয়া বুলি চৰিত-পুথিত লিখা কথাৰ প্ৰমাণ ইয়াতে পাব পাৰি। স্যমন্তক হৰণ ইয়াৰ ভিতৰত অতি সৰবৰহী কাব্য। মণিৰ মহিমা কি কৈবৰা আৰ। সুবৰ্ণ নিতে ৱে অষ্ট ভাৰ॥ যিখানে থাকে সিটো সমস্তক। নাহিকে দুৰ্ভিক্ষ মাৰিমৰক॥১৪১৫। নাহিকে ব্যাধি হ্ৰান্ত্ৰ সৰ্প ভয়। একো উপসৰ্গ নোপজে হয়।১৪১৬। এই মণিৰ বাবে জঘৱন্তৰ লগত হোৱা কৃষ্ণৰ যুদ্ধত ঝুমুণি বা গজগতি দুশত , যি বৌদ্ৰবসৰ অৱতাৰণা, তাত ধ্বনি-অনুপ্ৰাস বিতোপন- হেন শুনি জম্বৱন্ত। ধাইলা মহা বলৱন্তু। নিচিনি স্বামীক পাছে। ধৰিলন্ত যুদ্ধকাছে॥১৪২৮ | দুযো হুয়া মহা। লগইলক মোৰ যুদ্ধ। দুয়ো মাতৃগৰ লীলা। বৰিয়ে পৰুত শিলা॥১৪৩১। যুক্তিলস্ত মালবন্ধে। ধৰি ভৰি ভৰি ছন্দে॥১৪৩২। দুইৰো দুইকো নাহি তুষ্টি। হানে বক্স সম মুষ্টি॥১৪৩৩। নাৰদ কৃষ্ণদৰ্শন আৰু বিপ্ৰ-পুত্ৰ আনয়ন আখ্যমযুক্ত কাব্য। বিপ্ৰ পুত্ৰক বিচাৰি কৃষাৰ্জুনৰ লোকালোক গমনৰ কৰ্ণনা বিস্ময়কৰ- অৰ্জুনক বুলি হেন বাণী। দিব্য বথে চড়ি চক্ৰপাণি। ধৰিল উক্ত দিশ পথ। অনে কন্তে যাত্ৰথ॥ সাততখান পৃথিবী এড়াইল। গৈয়া সাত সাগৰ ছড়াইল॥ ধৰি মহা মনোজৰ গতি। গৈলা লোকালো সিভিতি॥১৫৫২। প্ৰবেশিালা ঘোৰ অন্ধকাছে। ঘোড়া আৰ যাইবা নপৰে॥ হেন দেখি যোগেশ্বৰ হৰি। আগক হলাি চক্ৰ ধৰি॥১৫৫৩।