পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫০ নতুন পোত অসমীয়া সাহিত্যৰ বুৰঞ্জী 16611 কংসবধ শঙ্কণ- “এ প্ৰাণ হৰি। গৈল এড়ি॥" ঘোষাৰে পিত্ব কবিতাতে লে হৰি ভৈলোঁহো বঞ্চিত। কিমতে ধৰ্বিবো আবে চিত্ত॥ সুপ্ৰভাত মধুৰা পুৰীৰ। মুখ-পদ্ম দেখিব স্বামীৰ॥১০৬৮। জীৱৰ জীৱন প্ৰাণপতি। আজি পাইব কোন ভাগ্যবতী॥ কিনো সুপ্ৰসন্ন ভৈল বিধি। হাতে পাইল গোকুলৰ নিধি॥১০৬৯। মুখ-পন্ন চন্দ্ৰ নোহে সৰি। আনন্দে দেখিব নেত্ৰ ভবি॥১০৭০। অতি বিস্ময়জনক কথা, কৰুণ ৰসৰ বানেৰে এই কেইটি কবিতা পাঠক বুৰাই থৈ ততালিকে এটি নে দুটি পিছৰ কবিতাত অব্ৰুৰৰ জুতিত আকৌ সেই শিলাময় দাৰ্শনিক তত্ত্বলৈ আহিল- নজনি লোকে আন দেৰ পূজে। সিয়া বিধি-হীনে তোমাৰ যেহেন নদ-নদী সমুদায়। অনেক পথে সাখ্যা যায় || “কায়স্থ শঙ্কৰে এও দুণে।১০৫৭।" এনে ভণিতাৰ পৰাও দেৱৰ আগ-বয়সৰ ৰচনা বুলি জানি; চবিত-পুথিৰ উল্লেখ আগতে কৰি অহা হৈছে। ব্ৰজধাম এৰি মথুৰালৈ গৈ শ্ৰীকৃষ্ণই তাৰ পৰা গোপীসকললৈ যি “বচন - সন্দেশ' উদ্ধৱৰ যোগেদি পঠাইছিল, সেয়ে গোপী-উদ্ধ- সম্বাদ। স্বৰূপতে ই (১২৪০-৬৩, পদ) ২৪ বাকি বা ৯৬ শাৰী পদৰ এটি এধানমান বিতোপন কবিতা। উদ্ধৱক কৃষই পঠিয়াইছে বুলি বুজি নন্দই আদৰি নিয়াৰ পাছত যশোদা কাপত কৃষ্ণক সুবি। চক্ষুব লোহ পড়ে সবসবি। সোধন্তু ৰাম মাধৱৰ কথা। এড়িলন্ত কৃষ্ণে আমাৰ বেথা॥১২৪২। মা-বাপ পাই নাইল দুনাই। আমাক কৰিল অনাথ প্ৰায়॥১২৪ত। উদ্ধৱৰ বোলে দুয়ো জুড়াইল। কৃষ্ণাৰ কথাতে ৰাত্ৰি পোহাইল॥১২.৪৪। গোপীগণ অতি ব্যাকুল চিত। গাৱে উজাগৰে কৃষ্ণ গীত॥১২৪৫। সোণৰ ৰথখনি দেখি পোনেই আকৌ কংস-দূত অকুৰ আহিছে বুলি “ ডাকিয়া পাৰে অড়ক গালি॥১২৪৭।" আকৌ উদ্ধৱক দেখি তেওঁকে কৃষ্ণ বুলি ভ্ৰম, ইত্যাদি। কিন্তু গোপীৰ এই সকলো "আব্দাৰ” প্ৰকাশ পাইছে মুঠেই আধাণকি পদত- নুহি গোকুলক অৰিবা কেনে। পুষ্প চুম্বি এড়ে শ্ৰমৰে যেনে॥১২৫২ কুঞ্জীৰ বাঞ্ছাপূৰণ আৰু অৰৰ বাঞ্ছাপূৰণ আদি একোটি কবিতাৰ আখ্যান; তাৰ হাকোটাতো একোটি বহুমুলীয়া তত্ত্বৰ উপদেশ আঁৰা হৈছে, যেনে-