মাদ্ৰাজ শাখাৰ সুবিখ্যাত পৰিচালক ৰেমন্ড গফিনৰ অভিজ্ঞতাপূৰ্ণ কথা
কেইটিমান মন কৰিব লগীয়া। “কটনিয়ন” কাকতৰ ১৯২৬ ৰ ৩৮ ক্ৰমাঙ্কৰ
সংখ্যাত তেওঁ লিখিছে-“There is one underlying principle which is
at the basis of all publishing ; that of copyright. This funda-
mental right of property in literary ideas and their expressions
is often ignored by the ordinary person who is not an author
himself. The self-respecting "man in the street" who would scorn
to purloin, say, some one else's fountain pen, is too often curiously
blind to the equivalent act of taking some published work of
another and using it for his own purposes. . literary pirates. . Now,
fortunately the scope of this fundamental law of literary property
receives almost universal acknowledgement."
কিন্তু ইমানৰ সত্ত্বেও আমাৰ বুৰঞ্জীৰ স্বত্ব-অপহৃত দাবী স্বীকৃত নহল; এতিয়া আমি সেইদেখি বিশ্ব-বিবেকৰ বহল ন্যায়ালয়ত সেই গোচৰ উপস্থাপিত কৰিছোঁ।
সাহিত্য-গৱেষণাত ৰঞ্জন-ৰশ্মিৰ ব্যৱহাৰ
সাহিত্য বুৰঞ্জীৰ চৰ্চ্চাও বিজ্ঞান আৰু আন আন বিজ্ঞানৰ দৰে ইয়াতো
শেষ সিদ্ধান্ত বোলা এটা কথা যে হব নোৱাৰে তাক এতিয়া আমি নিজ
অভিজ্ঞতাৰ ভিতৰেদি দেখা পাইছোঁ। আমাৰ “আধুনিক” আৰু “ভূমুকি”
দুখন আগৰ দৰেই ছপাই উলিয়াবলৈ বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ বহুতেই
আমাক এতিয়াও অনুৰোধ কৰে; তেওঁলোকে সেই দুখন পুথি পোনতে লিখা
বাবেই সহজ আৰু, সৰল দেখি হয় তাৰ সোৱাদ পাহৰিব পৰা নাই বুলিৰ
খুজিছোঁ। কিন্তু আমাৰ পক্ষৰ পৰা তাক আগৰ দৰেই ছপাই উলিওৰা সম্ভৱ-
পৰ কিয় নহয়, তাক বহলাই কবলৈ নাপালে বুজোৱা টান। ভূমকি"খন
লিখোঁতে আমি আলোচ্য পুথি আটাইবোৰ নিজে পঢ়ি চাবৰ সুবিধা নাপাই
কিছুমান বিষয়ে পূৰ্ববৰ্তী হেম গোস্বামী আৰু দেৱেন্দ্ৰ বেজবৰুৱাৰ বিচাৰৰ
ওপৰত ভিৰ দি মন্তব্য কৰিছিলোঁ। পাছত যেতিয়া আমি নিজে সেইবোৰ
পুথি-পাঁজি বিচাৰি চালোঁ, সেইসকলৰ, সেই গতিকে আমাৰো, পূৰ্বৰ বিচাৰৰ