পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী শঙ্কৰদেৱৰ অভ্ৰভেদী ব্যক্তিত্বই নৰনাৰায়ণক সম্পূৰ্ণ জিনিলে, আৰু ৰাজকীয় সকলো মান-অভিমান শঙ্কৰদেৱৰ পদত পেলাই দি সন্তুষ্ট কৰিব খুজিলে (৮০৭-১০ পদ)। ভূষণৰ এইখিনি কথা ৰামানন্দৰ সৈতে মিলে। তদুপৰি বামনই লিখিছে- ৰামৰ বিবাহ কথা সীতা স্বয়ম্বৰ। অঙ্কত লিখিলা তৈত শ্ৰীমন্ত শঙ্কৰ॥ শুক্লজ নৃপতিকো অস্কে নিবন্ধিলা। আতে লোকক কবি অল্প সমাপিল॥ নৰনাৰায়ণৰ ৰাজ্যত এই বোৰ অঙ্কীয়া নাটৰ অভিনয়েও কেনে আলোড়ন তুলিছিল বামানন্দই তাকে সুন্দৰকৈ বৰ্ণাইছে (১৫০৬-০৯ পদ)। শেষ দেখা- দেথিত শঙ্কৰদেৱে মাধৱদেৱক আৰু গ্ৰন্থ লিখিবৰ নিৰ্দেশ দিয়া সম্পৰ্কে নামানন্দত আছে (১৫১১-১২):- তোমাত কহিলো ইটো বৃহস্য ভকতি। গোৰা ৰত্নাৱলী পুথি লিখিব। সম্প্ৰতি॥ পদ দুলড়ী জানা ছবি অৰ্থক। ঝুমুনি লেছাৰি ছন্দ তাহাৰ সক॥ নমস্কাৰ শৰণ ভজন আবাবিলা। তাৎপৰ্য্য উপদেশ প্ৰশংসা প্ৰাৰ্থনা॥ নামৰ মহিমা মত কাশা আহয়। ঘোষাৰ মাজত তাক দিবাহ নিশ্চয়॥ শঙ্কৰদেৱৰ তিৰ ভাৱৰ কাহিনী বিস্ময়কৰ। বিদগ্ধ পণ্ডিত হলেও নন- নাৰায়ণ ৰজাক নিজ ধৰ্ম-নীতিৰ বিৰুদ্ধে শৰণ দিবলৈ অমাস্তি হোৱাই তাৰ গুৰি। এই ছোৱাও ৰামচনশন আৰু ৰামাৰ পদ (১৬১৫-৮৩) একে-- একদিনা বান্না শঙ্কৰক মতি জানি। কোমল মধুৰ কৰি বুলিলন্ত বাণী॥ কৃষ্ণত শৰণ তুমি কৰায়ে আমাক। নিশ্চয় কবিয়া আমি বুলিলো তোমাক॥ নৃপতি বেলন্ত দিন চাৰি থাকিয়োক। কৃত শৰণ কৰাওক তুমি মোক॥ শঙ্কৰে ৰোন্ত শুনা বাস মহাশয়। শবণ হাৈক খোজা নুবুজি আশয়॥ হাঁস ছাগ কাটি তুমি দেৱ-দেৱী পূজা। মূৰ স্বভাৱ যেন ভৈলাহ নুবুজা। বাজনীতি ধৰ্ম তুমি কিমতে এড়িবা। হবিভক্তি ধৰি ৰাজ্য কিমতে চৰ্বি॥ হেন শুনি ৰাজা বুলিলন্ত শঙ্কৰক। সৱাক এড়িয়া আমি ভজিবো কৃষ্ণক। নিশ্চয় কবিয়া আমি বুলিলো তোমাক। হৃে জানি বাধা বাপ না আমাক॥ গৃহক গৈলন্ত গুৰু উঠি হেন শুনি। উপায় পান্ত একো মনে গুণি গুণি॥ মই তাৰ হাত আবে মিতে এওঁ। নব-লোক এড়িয়া পৰ-লোকে যাওঁ॥ এহি বুলি-তথাতে বহিলা মহামতি। বৈকুণ্ঠক যাইবে মন ভৈলন্ত সম্প্ৰতি।... নৃপতি শুনিয়া থেদি আইলা ভূমি পাৰে। মায়া শৰীৰত সেৱে কৰি নম্ৰভাৱে॥