পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ নতুন পোহত অসমীয়া সাহিত্যৰ বুৰঞ্জী ৰামানন্দয়ো এই ঘটনা অবিকৃতভাবে বৰ্ণহিছে (৮০১-০৩) - শঙ্কৰ বদতি নাৰায়ণ শুনিয়োক। ঐত কোন আছে হৰি-পৰায়ণ লোক॥ নাৰায়ণ কন্ত তান নাম গীতাম্বৰ। কৰিছন্ত পদ তেন্তে দশম স্কন্ধৰ॥ শবে বোল নাৰায়ণ মহাশয়। তাহান কবিতা মুখে আসে কি নাসয়॥ নাৰায়ণ ঠাকুৰে পাছে গাইবাক লাগিলা। যেন মতে ৰুক্মিণীয়ে কৃষক ভাবিলা। শুনিয়া বেলন্ত অব গাইব নয়। গৰ্ব-পৰ্বতত সিটো উঠিয়া আছ॥। ধৰ্ম ধৰিবাৰ সিটো নোহে যোগ লোক। আন কোন আছে নাৰায়ণ কহিয়োক॥ এওঁক পাই “শঙ্কৰে বোল তুমি শুনিয়ে মাধৱ। ভক্তৰ কঠিয়া এত পাইলোহো বান্ধৱ॥২৭৮৩।" তাৰ পাছতেই মাধৱদেৱৰ মাকৰ আদ তিথিৰ আয়োজন (২৭৮৫-৯২)। তেন্তে চিহ্ন-যাত্ৰাৰ দৰেই পত্নীপ্ৰসাদ নাটো এই উপলক্ষত বিশেষ সফলতাবে অভিনীত হৈছিল। তদুপৰি নাৰায়ণ আতাই তেওঁৰ পৰিয়ালক শৰণ লবৰ বাবে ভক্তিপ্ৰদীপ পুথি খুজি নিয়ে পুথি একখানি দি মোক জানি নাথে বাঙ্গি লই মাত্ৰ। হে নাথ চৰণত মাগো হ্যেৰ প্ৰসালি পা। নিজগৃহে গই পুথি আগে থই সৱে পৰিয়ালগণ। উপবাস কৰি দগুতে পণি কৰিৱোঁ তাত শবণ।২৮১৩। শুনি নাৰায়ণে অমোমি প্ৰমান লৈলা। দেৱ-নিৱৰণী গৰুড় পুবাণি ভকতিপ্ৰদীপ দিল॥২৮১৯। তাৰ পাছত মাধৱদেৱে গণককুচিত আৰু শঙ্কৰদেৱে ওচৰা-উচৰিকৈ পাটবাউসীত বাস কৰিবলৈ ললে (২৮৪১-৩৬ পদ), তাৰ আগতে কুমাৰপাৰত শঙ্কৰদেৱৰ কন্যা বিষ্ণুঃ ঢুকায় (২৮৪৩ পদ)। পাটবাউসীলৈ অহাৰ আগতেই শঙ্কৰদেৱে দশম-ভাগ ৰত ৰচনা কৰে, আৰু নাম-ঘৰত তাৰ পাঠ আৰু ব্যাথা চলে। আপোনাৰ ঘৰখনি দক্ষিণ প্ৰান্তৰে। কৃষ্ণৰ মন্দিৰ ভৈলা তাহণ উত্তৰে॥২৮৬৪। কৃষ্ণৰ মন্দিৰে সৰে বসি থাকে তথা। শঙ্কৰে আনন্দ মনে কৰে কৃষ্ণ কথা॥২৮৬৮। নামৰ কীৰ্ত্তন কৰি সমৰ্পিয়া থৈল। দশম পয়ান মেলি পঢ়িৰে লাগিল॥২৮৮। ধূঞাহাটত মাধৱদেৱ আৰু চূণপত নাৰায়ণ ঠাকুক লাভ কৰাৰ দৰে পাট- বাউসীত শঙ্কৰদেৱে দামোদৰক নিজ ভক্তৰূপে লাভ কৰে (ৰাম, ২৯৫ ২-৮৭)। ১৫৪৬ খৃঃত কোটৰ মাৰণত ধূএলহাট এৰি ভটিয়াই অহাটো হলে তেতিয়া শঙ্কৰদেৱৰ বয়স ৯৭ খছৰ, আৰু ১৫৪০ ত নৰনাৰায়ণ ৰাজপাটত উঠা আদৰি তেনে