বৰঞ্জীৰ পৰা কথাবোৰ “চমু" কৰি থিতাতে উলিয়ালেও মূল কথাবোৰ আমাৰ
'সৃষ্টি' নহয়; তাৰ বিষয়েও আইন সজাগ আছিল : “In the case of works
not original in the proper sense of the term, but prepared from
materials which are open to all, the principle is that a person is
not at liberty to use or avail himself of the labour which another
has bestowed for the purpose of producing his works; that will
be taking away the result of another man's labour, or, in other
words, his property, and colourable imitation of another's work
could also be covered by an injunction."
অকল ইমানেই নহয়, ওপৰত তুলি দিয়া উদ্ধৃতিবোৰে আখৰে আখৰে সৰ্বস্বত্বৰ আইন ভঙ্গ কৰা দেখুৱায় : “The collocation and phraseology of the previous works if copied substantially, will not only be an infringement but will be nonetheless, an infringement if some words etc. are altered in order to bring about a colourable varia- tion ingeniously and purposely in the collocation and phraseology in order to camouflage and hide the copying and plagiarism."
সাহিত্য বুৰঞ্জীৰ কথাই নাই, অভিধানৰো আঁচনি, ক্ৰম, আদি আইনে সৰ্বস্বত্বৰ ভিতৰত ধৰিছে : "In the case of a dictionary a man is not allowed to appropriate for himself arrangement, sequence, order, idioms etc. employed by another using his brains, skill and labour." "Copyright extends to all literary works. .covering works in print and writing. irrespective of the quality or style"..
কিন্তু এই আইনৰ উদ্দেশ্য জ্ঞানৰ প্ৰচাৰ ৰহিত কৰা বা “to close all the avenues of research and scholarship and all frontier of human knowledge” নহয়; বৰঞ্চ সাহিত্য-চুৰিত বাধা দি প্ৰকৃত তত্ত্বানু- সন্ধানত ইন্ধন যোগোৱাহে। আমি আইনৰ যথেষ্ট উদ্ধৃতি দিলোঁ এই বাবেই। অসমীয়া সাহিত্যত এনে অকাৰ্যৰ কথা আমি আগতেও অনেক বাৰ দেখুৱাই আহিছোঁ। এই সম্পৰ্কত কটন কলেজৰ ভূতপূৰ্ব ইংৰাজী অধ্যাপক (১৯৯৪-২৭) আৰু পাছত অক্সফৰ্ড বিশ্ববিদ্যালয় প্ৰেছৰ বম্বে, কলিকতা আৰু