পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত গুলি উঠা অসমীয়া সাহিত্য ১২৭ দৈতাৰিয়ে এই কাহিনীকে ভাগৱতৰ সলনি কীৰ্ত্তন-ঘোষাৰ কথাৰে বহিছে (৯৮-১০৬ পদ) আৰু বিবাট বা কছাৰীৰ লগত আসাম বা আহোমৰ ঘৈলি- মেলি কবিছে (৯৮-১৬৫)। এইখিনিতে অৱশ্যে দৈত্যবিয়ে কস্থাৰীৰ মাবণক আহোমৰ মাৰণৰ সৈতে সানি-পুতকি পেলাইছে; আহোমৰ মাৰণ নিশ্চয় ইয়াৰ বহুত পাছত। এই কছাৰী মাবণ কেতিয়া হৈছিল বা শঙ্কৰদেৱ পাসমুখ বা গাঙ্গমেলৈ কেতিয়া আহিছিল, সঠিক কৰা টান; সম্ভৱ ১৫১৫ খৃঃৰ আগত শঙ্কৰদেৱ বৰ্তমান বিহালীৰ ওচৰৰ গামোলৈ আহে তাৰ পৰা ধূঞাহাটলৈ কিয় আৰু কেতিয়া উঠি গল, ৰামানন্দই লিখিছে (৩১৪-১৯ পদ) “এহিমতে গাঙ্গমুখে আছে বঙ্গমনে। শুনা ধুৱাহাটক গৈল যি কাৰণে॥ দুজনাৰায়ণ কমতাৰ অধিপতি। তন হত্যু ভৈল এথে নবৈল সতি॥ বাজাৰ বিনাশে দুখ লৈ সমৰ। অন্যে অনে কৰে যুদ্ধ লোক নিৰন্তন॥ কটাকটি কৰি মৰে নিমিত্তে বাজাব। এহিমতে বহি গৈল দ্বাদশ বংব॥ অবাজক দেখি জগতৰ চিন্তি হিত। উপজিলা পুত্ৰ হৈয়া কুৱ নাৰীত॥ প্ৰয়াসে শুণি বশ্য প্ৰজা সময়। ভুঞা সমাড়ক মাৰি নিৰাক খোজয়॥ সেহি ভয়ে শঙ্কৰ সহিতে প্ৰজা জাক। ব্ৰহ্মপুত্ৰে উইলন্ত ধূময়াহাটাক॥" ১৫১৫ ত বিশ্বসিহে ৰাজপাটত উঠে আৰু ইয়াৰ পাছতে ভূঞাসকল এল- হাটলৈ উঠি আহে বুলি বুজিব পাৰি। তেন্তে যি কছাৰীৰ মাৰণত শঙ্কৰদেৱ টেঙ্গুনী বৰদোৱাৰ পৰা গাঙ্গমুখলৈ উজাই আহে, সেই কছাৰীৰ মাৰণ, অপৰত অনুমান কৰা মতে, পঞ্চদশ শতিকাৰ শেষ ভাগ বা ১৫১০ খৃঃ মনত হব পৰে। বৰ্তমান মাজুলীৰ আহতগুৰিৰ ওপৰত এই ধুহাটতে শঙ্কৰদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম কাহিনী, মাধৱদেৱৰ লগত মিলন, সংঘটিত হয়। এই মিলনৰ পাছৰ পথ শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ তেজ অনেক গুণে বাঢ়ে। ইয়াৰ পৰা বুজিব পাৰি টেঘুৱনি বৰদোৱা, গাঙ্গমুখ আৰু ধূহাটত থকাৰ ভিতৰতে কীৰ্তন-ঘেষাৰ অন্ততঃ প্ৰতুদ-চৰিত্ৰ আৰু কংস-বধ পৰ্য্যন্ত শঙ্কৰদেৱে বচনা কৰি অ'তাইছিল। “চৌছয় বছৰ আছে ধূঞাহাটা থানে॥ ২৪২৯।" যি ঘাই কাৰণত শঙ্কৰদেৱে বুহাটি এৰি যাব লগা হৈছিল সি হা আহোম ৰজাই হাতী-ধৰা প্ৰসঙ্গত অধিবেলাৰে হৰি জোৱাইৰ মূৰ কটোৱা; ৰামচবণ (২৩৮৩-