পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৫
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


 ৰামচৰণৰ মতে দেশ-ভ্ৰমণৰ পৰা উলটি অহাৰ পাছত প্ৰথম লাগতিয়াল ঘটনা জয়ন্ত-মাধৱৰ উপদেশ মতে ৰামভূঞাৰ জীয়েক কালিন্দ্ৰীৰ লগত শঙ্কৰদেৱৰ দ্বিতীয় বিবাহ (২১৩৯-৪০ পদ); আৰু দ্বিতীয় আৰু প্ৰধান ঘটনা হল জয়ন্ত মাধৱৰ একান্ত অনুৰোধত সাম্প্ৰতিকভাৱে গোমস্তা হলেও এতিয়া শঙ্কৰদেৱ ধৰ্মপ্ৰচাৰৰ বাবে সম্পূৰ্ণ সাজু হয় (২১৪৯-৫১ পদ)। আচৰিত কথা, আগৰে পৰা ভূষণ দ্বিজৰ এইখিনি পদ (১৫৪-৫৯) ৰামচৰণেৰে একে -

জয়ন্ত মাধৱ দুয়ো প্ৰিয়বাক্যে আশ্বাসিয়া
 সম্বুধি বুলিলা শঙ্কৰক।
তোমাৰ পিতৃৰ লোক তোমাতে খাটোক বাপ,
 চৰ্চ্চিয়োক পূৰ্ব্ব বিষয়ক॥
শঙ্কৰে বোলন্ত মোক নালাগে পিতৃৰ লোক,
 প্ৰয়োজ্ঞন নাকি আমাৰ।
পঢ়িলোঁহো শাস্ত্ৰ দুখে, গৃহত বহিয়া সুখে
 কৰিবোঁহোঁ অৰ্থক বিচাৰ॥১৫৪
তথাপিতো দুয়োজনে বুলিলন্ত বহু মান্যে
 পূৰ্ব্বাপৰ কৰিয়া ব্যৱস্থা।
এক শত তান্তীগিৰি দিয়া হাত অধিকাৰী
 শঙ্কৰক পাতিলা গোমস্তা॥১৫৫
শঙ্কৰে বোলন্ত ভাই, শুনিয়োক ৰামৰায়,
 দেৱগৃহ সাজিয়ো যতনে।
হেন কথা শুনিলন্ত, সত্ৰ-গৃহ সাজিলন্ত
 ৰামৰায় মহাৰঙ্গ মনে॥
ৰাম ৰাম গুৰু সঙ্গে সেহি গৃহে বসি ৰঙ্গে
 ভাগৱত কৰিলা বিচাৰ৷
তত্ত্ব-মৰ্ম্ম জানিলন্ত, মনে খেদ কৰিলন্ত,
 মায়াময় অনিত্য সংসাৰ॥১৫৯"

ত্ৰিহুটৰ পৰা জগদীশ মিশ্ৰ নামে এজন পণ্ডিত দুমাহে বাটকুৰি ৰাই আহি পুৰীৰ জগন্নাথৰ আদেশ মতে বৰদোৱাত শঙ্কৰদেৱৰ আগত বাৰ স্কন্ধ ভাগৱত পাঠ কৰা কথা ৰামচৰণ (২১৫৮-৫৯ পদ) আৰু ভূষণ (১৬৪-৬৫ পদ) দুয়ো