পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী সূৰ্যৱতীৰ মৃত্যু ফটে; তদুপৰি আচৰিত কথা, ৰামানন্দই শঙ্কৰদেৱৰ জীয়েকক হৰিপ্ৰিয়া আৰু জোয়ায়েকক ভুলকৈ মনু বুলিছে। ভূষণ দ্বিজে লিখিছে- “ভৈলন্ত উদাস পাছে শঙ্কৰৰ মন।"(১২৪ পদ) আৰু ৰামচৰণৰ মতে, মহেন্দ্ৰ কন্দলী, ৰাম ৰাম গুৰু আদি অনেক লগৰীয়া লৈ তেন্তে ১৪৭৯ ত শঙ্কৰদেৱে প্ৰথম বাৰ দেশ ভ্ৰমণ কৰে, আৰু তেওঁ ইয়াৰ বিশদ বিৱৰণ দিছে(১৮৩৭-৫৬ পদ)। ভূষণ (১২৮-৩৫ পদ) আৰণ ৰামানন্দয়া (২১০-১৩ পদ) এই কৰ্ণনা সম্পূৰ্ণ সমৰ্থন কৰি গৈছে; আৰু শ্ৰীক্ষেত্ৰৰ অদগন্নাথ মন্দিৰত ব্ৰহ্ম পুৰাণৰ ব্যাখ্যা আদিৰ বাবে শঙ্কৰদেৱৰ প্ৰতি উড়িষ্যাৰ পণ্ডিত সমাজৰ সাদৰ ভক্তি তাত থকা পাচ মাহ কাল দিনক দিনে বাঢ়িছিল বুলি তিনিও লিখিছে। ৰামানন্দত (২১৯-২১ পদ) ‘মাস চাৰি পাৰু তাত কৰিলা বঞ্চন। মহন্ত বুলিয়া সৱে কৰে আদৰণ॥ ব্ৰহ্মপুত্ৰাণত মগন্নাথৰ মহত্ব। পাতা সব গে বস্তু বেত॥ যতেক পণ্ডিত আছে ওড়েয়াপুৰৰ। তত স্নেহ বাঢ়ি গৈল লগে শঙ্কৰৰ॥ পাণ্ডাণ ত্ৰি-দিন থাকয় লগত। শঙ্কৰৰ ভাৱ দেখি উৎসুক মনত॥ ৰাত্ৰি-দিনে শাস্ত্ৰ ব্যাখ্যা কৰিয়া থাক। ক্ষেত্ৰবাসী লোকে শুনি অমৃত পীয়ন্ত॥” শঙ্কৰদেৱৰ এই প্ৰথম দেশ-ভ্ৰমণৰ কালৰ (১৪৭৯-৮১ খৃঃ) ভিতৰত চৈতন্য দেব (১৪৮৫-১৫৩৩ খৃঃ) জন্ম নৌ হয়; অথচ ৰামানন্দই এইবাৰতে শঙ্কৰদেৱ- চৈতন্যদেৱৰ মিলনৰ (২২১-২৮ পদ) বৰ্ণনা কৰিছে। ইয়াৰ পৰাই ৰামানব গুচৰিত কিম্বদন্তিমূলক গতিকে নিৰ্ভৰযোগ্য নোহোৱাৰ স্পষ্ট প্ৰমাণ পোৱা হয়। পুৰী শ্ৰীক্ষেত্ৰ এবি শঙ্কৰদেৱ বৃন্দাবনলৈ আৰু তাৰ পৰা উত্তৰ-বাহিনী গঙ্গা চাই যেতিয়া বৰাহ ক্ষেত্ৰলৈ আহে, “তেৱে আসি ভৈলা তান চল্লিশ বৎসৰ। ২০৫৩।” গতিকে ইয়াৰ পৰা, দেঢ়-কুড়ি বছৰ বসত শঙ্কৰদেৰ প্ৰথম দেশ = ভ্ৰমণত ওলাই অহা কথা সম্পূৰ্ণ সমৰ্থিত হয়। তাৰ পাছত প্ৰয়াগ , পুষ্কৰিণী আদি ঘূৰি মথুৰাত ছমাহ থাকি লগৰীয়াই “আমাক দেখায় বাপ দ্বাৰকা নগৰ” বোলাত শঙ্কৰদেৱে ১৪০ খৃঃৰ বহাগ বিহুৰ দিনা দ্বাৰকালৈ গমন কৰে { পদ, ২০৫৩-৫৮ ) তাৰ পাছত গোকুল সোমাই ১৪৯১ খৃঃত শঙ্কৰদেৱে “দ্বাদশ বৎসৰ তীৰ্থ ফুৰিলন্ত। অনন্তৰে আসি নিজ মন্দিৰ পাইলস্ত। ২১ ২৯।" ৰামানন্দই ইয়াৰ বাহিৰেও শঙ্কৰদেৱৰ সেতুখণ্ড, বাৰাণসী আঞ্চ বদবিকাশ্ৰমৰ ভ্ৰমণ-কাহিনী (২২৯-৩৩ পদ) বৰ্ণহিছে।