১২ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী হৈছিল। ১৬০০ খৃষ্টাব্দতে ইংলণ্ড মুঠেই এক লাখ নাগৰি এখন সৰু দুহ বুলিব পাৰি। তেন্তে চিহ্ন যাত্ৰা নাট আৰু তাৰ নাটশাল ইংলণ্ডৰ নিয়মিত নাট আৰু নাটশালকৈ নাই বুলিও কুৰি বছৰ যে আগ, তাক ঠৰাব পাৰি। শঙ্কৰদেৱৰ এই প্ৰথম নাট চিহ্নমাত্ৰা আজি পাবলৈ নাই বাবেই সি নাছিল এনে আশঙ্কা অমূলক; কিয়নো শঙ্কৰদেৱৰ প্ৰায় দুকুৰি বছৰৰ পাছৰ শেক্সপীয়েৰেও তেওঁৰ নাটৰ শেষ কাললৈকে নিয়ে সাচি-সামৰি ৰখা নাছিল। যি অনুষ্ঠানৰ বাবে ৰচা হৈছিল, তাৰ অভূতপূৰ্ব সফলতাই নিশ্চয় সেই প্ৰথম নটি আৰু প্ৰথম কাব্যৰৰ সফলতাব অপূৰ্ব নিদৰ্শন। ৰামচৰণৰ মতে ১৪৬৯ ত শ্ৰীশঙ্কৰদেৱ প্ৰমুখ্যে ভূঞাসকল পুনৰ টেঙ্গুৱানী বৰদোৱালৈ উঠি যায় আৰু তাত পেহাক বুঢ়াখাই শঙ্কৰদেৱক পিতামহ আৰু অন্যান্য ভূঞাসকলৰ পুৰণি ভেটি দেখুৱাই “আপোনাৰ থানে থানে সৱে বসন্তোক। ১৬১৩।" বুলি আদেশ ৰাত আটায়ে “সুকি সুকি আপোনাৰ ভিত্ৰিক লৈলন্ত। ১৬১৪।” এইদৰে আলি- পুখুৰীৰ পৰা সদৌ ভূঞা পুৰণি ভেটিলৈ উঠি অহাৰ পাছত (১৬১৫-১৮ পদ)- “শঙ্কৰে কীৰ্ত্তন ঘৰ সাজিক কৈল। আপুনি শঙ্কবে পাছে কোৰক ধৰিলা। শিল্প প্ৰতিমা গাৱ কালা অতিশয়। পুজিবো ঈশ্বৰ ঐত সিন্ধি হৈ কাম। ভিঠি বান্ধিবাক লাাি সমন্তে আসিল॥ পৃথিবীত চতুৰ্ভূজ মূৰ্ত্তিক দেখিলা॥ চিকমিক কৰি গাৱ অধিক শো ভয়॥ দেৱী-পূজা এড়ি সবে লৈবে কৃষঃ নাম॥" ১৪৬৭ তে তেন্তে শঙ্কৰদেৱৰ নামঘৰ আৰু নাম-কীৰ অনুষ্ঠান আৰম্ভ হয়, আৰু ১৪৭০ ত অসমত প্ৰথম নগণ্ডৱা উৎসৱা শঙ্কৰদেৱে পাতে - “শঙ্কৰেয়ে বঙ্গে আতি বসিয়া সমাজ পাতি, হৰিৰ নামক সদা কন্য। কমল যেতে শবেন মুখ থেৱে হৰি-কথা আনন্দে শুনত॥১৬৩২ ভূ££সকলক কৈলা, - শঙ্কৰে বুলিবে লৈলা, দৌীল এক বান্ধিবাক গান। সীপতে ফাও ভৈল, সন্ধৰা আমাত কৈল, ভূএসৱ কৰিয়ে যতন॥১৬৩৩”
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২৪
অৱয়ব