পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২১
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য


 আন তিনিখন শঙ্কৰ-চৰিতৰ ভিতৰত দৈত্যৰি ঠাকুৰ আৰু ভূষণ দ্বিজই এই বিষয়ে সঠিক একো কোৱা নাই; কিন্তু ৰামানন্দ দ্বিজই জন্ম-শক নিদিয়াকৈ মাত্ৰ জন্ম-মাহ দিছে-

‘ফাল্গুন মাসত, শুক্লা দ্বিতীয়ত, অধৰাত্ৰি যেৱে গৈল।
মহা শুভযোগে, উত্তম লগ্নত শঙ্কৰৰ জন্ম ভৈল॥১০৬।”

 এই মূল চাৰিখন চৰিত্ৰ বাহিৰে বৰদোৱা সত্ৰৰ এখন পৰবৰ্তী কথা-চৰিতত শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকৰ (১৪৪৯ খৃঃ) কাতি মাহৰ বৃহস্পতিবাৰে অমাৱস্যা তিথিত মাজৰাতি বুলিছে। অনিৰুদ্ধ নামে আন এজন পৰবৰ্তী চৰিতলেখকে ১৩৮৫ শকত শঙ্কৰদেৱৰ জন্ম বুলিছে, ই নিশ্চয় ভুল; এই পুথি “সিন্ধু সৈন্ধৱ চক্ৰেন্দু’’ অৰ্থাৎ ১৬৭৭ শকত (১৭৫৫ খৃঃ,) লিখিত। শঙ্কৰদেৱৰ মৃত্যু-কালৰ বিষয়ে বিশেষ মতভেদ নাই বুলিব পাৰি, গতিকে জীৱন-কাল ঠিকভাৱে জানিলে এই দুই কালৰ পৰা জন্মকাল সহজে নিৰ্ণয় কৰিব পাৰি। (ৰামচবণ ৩৮৩৪-৩৫ পদ)।

 অসমীয়া সাহিত্য আৰু সমাজৰ বাবে শ্ৰীশঙ্কৰদেৱৰ প্ৰথম লেখৰ ঘটনাৰ আৰম্ভ হয় ঊনৈশ বছৰ বয়সত (১৪৬৮ খৃঃ)। পেহাক বুঢ়াখাই, জয়ন্ত, মাধৱ, কৰ্ণপুৰ, চতুৰ্ভুজ আৰু আন ভূঞা সুহৃদ-সজ্জনৰ লগ লৈ গৈ ৰামচৰণৰ মতে, বৈকুণ্ঠৰ দৃশ্যপট দেখুৱাবলৈ শঙ্কৰদেৱক কোৱাত তেওঁ মান্তি হল (ৰা, চ, ১৪৫৩-৬৪)। এই চিহ্নযাত্ৰাৰ অভিনয় এনে অপূৰ্বৰূপে সম্পন্ন হৈছিল যে শঙ্কৰ- দেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী আৰু কুল-পুৰোহিত ৰামৰাম গুৰু আদি অনেক বামুণে ততালিকে শঙ্কৰদেৱত শৰণ লৱৰ বাবে সাজু হল (ৰা-চ ১৫৪৮-৮৪ পদ)।

 তেন্তে শঙ্কৰদেৱৰ প্ৰথম নাট চিহ্নযাত্ৰা আৰু প্ৰথম কাব্য উদ্ধৱ সম্বাদ, আৰু প্ৰথম অসমীয়া নাটঘৰৰ বুৰঞ্জীও একেলগে ১৪৮৬ ত আৰম্ভ হয়। তুলনা কৰিলে আমি দেখিবলৈ পাওঁ এলিজাবেথ যুগৰ ইংলণ্ডত অভিনয় পাতিবলৈ জয়ে জয়ে ১৫৭৪ ত এটি ৰাজসম্মতি ঘোষণা কৰা হয়, আৰু এইমতে ১৫৭৬ ত সম্ভৱ ইংলণ্ডৰ উত্তৰত প্ৰথমে সজা নাটশালত শ্বেক্সপীয়েৰ কামত সোমায়। এই সময়ৰ বহুত পাছলৈকে ইংলণ্ডৰ নাটশালত দৃশ্যপটৰ ব্যৱহাৰ নাছিল বুলিব পাৰি; বিশেষ সঙ্কেত আৰু ভাৱৰীয়াসকলৰ বচনৰ পৰাহে পট-পৰিবৰ্তনৰ আভাস পাব লগা হৈছিল। তেতিয়া ইংলণ্ডৰ নাট্যকবি মাত্ৰই ’ভাৰাতীয়া’ আছিল আৰু শ্ৰোতৃমণ্ডলীৰ অভিৰুচি অনুসৰি নাট লিখিছিল। ১৫৮৭ ৰ পৰা ১৬১১ লৈ এই ২৪ | ২৫ বছৰৰ ভিতৰত শেক্সপীয়েৰে তেওঁৰ শ্ৰেষ্ঠ নাটখিনি লিখিছিল, আৰু সেই কালতহে ইংলণ্ডত নিয়মিতভাৱে চিত্ৰিত দৃশ্যপটৰ ব্যৱহাৰ