পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


কবি নামে এজন পণ্ডিত আহি গৌড়ৰ সকলো পণ্ডিতকে পৰাস্ত কৰে। তেওঁৰে আগ্ৰহ আনুসাৰে বন্দীশালৰ পৰা মোকলাই আনি চণ্ডীবৰক তৰ্ক কৰিবলৈ দিয়াত চন্দ্ৰ কবি সম্পূৰ্ণ পৰাজিত হৈ দেশলৈ উলটি যায়, আৰু দুৰ্লভনাৰায়ণে তাৰ বাবে কৃতজ্ঞতাৰ চিন ৰূপে অনেক মান সম্মান ধন-সোণ যচাতো চণ্ডীবৰে সেইবোৰ একোকে গ্ৰহণ নকৰি কমতালৈ উলটি আহে (১৯০-১৯১ পদ)। তাৰ পাছত লেঙ্গামাগুৰীয়ালৈকে গোটেই কমতাত ভোটৰ মাৰণ বা আক্ৰমণ হোৱাত তাতো প্ৰচণ্ড বিক্ৰমেৰে চণ্ডীবৰে ভোটবোৰ কাটি-মাৰি খাস্তাং কৰি খেদি দি কামেশ্বৰৰ পৰা বহুত প্ৰশংসা আৰু ধন-সোণ লাভ কৰে (১৮২-২১০ পদ)। আকৌ ভাটি বয়সলৈকে ৰাজধৰৰ পুত্ৰ নোহোৱা বাবে তেৱো পিতৃৰ আদেশক্ৰমে সূৰ্য্যৰ আৰাধনা কৰি সূৰ্য্যৰ বৰত পুত্ৰ সূৰ্য্যবৰক লাভ কৰে (২১১-১৬ পদ)। ভোটৰ শত্ৰুতা বঢ়াত ৰজাৰ পৰামৰ্শক্ৰমে চণ্ডীবৰ প্ৰমুখ্যে ভূঞাসকল বৰদোৱাৰ টেম্বুৱানি জানলৈ উঠি আহে, তাতে চণ্ডীবৰৰ মৃত্যু হয়, তেতিয়া ৰাজধৰৰ বয়স তিনি বছৰ দুমাহ (২১৭-২৭ পদ)। বৰদোৱাৰ এই টেম্বুৱানি জানতো ব্ৰহ্মপুত্ৰৰ বাঢ়ন পানীয়ে শস্য বছৰি নষ্ট কৰিবলৈ ধৰাত ৰাজ্যধৰৰ বাষষ্ঠী বছৰ বয়সত “আলিপুখুৰী যে নামে গ্ৰাম এক আছে। সৱে লোকে তুহিকে গৈলন্ত উঠি পাছে॥ ২২৯।” এই আলিপুখুৰীতে ৰাজধৰৰ তিনি পুত্ৰ জয়ন্ত, মাধব আক হলায়ুধৰ জন্ম হয়; ইয়াৰ আগতে তেওঁলোক ২৫ বছৰ টেম্বুৱানিতে থাকে। আৰু তাত তিনি জীউ আৰু দুই পুত্ৰৰ মৃত্যু হয় (২৩২-৪৪ পদ) সূৰ্য্যবৰে আলিপুখুৰীতে খেৰসুতিক বিয়া কৰায়, কিন্তু আকৌ ভাটি বয়সলৈকে চাৰিও ককাই-ভাইৰ পুত্ৰ নজন্মাত সূৰ্যবৰে অমোঘ মন্ত্ৰ জপাত তেওঁৰ মূৰত পাৰিজাত কুসুম পৰে আৰু তাৰ ফলত মাঘ মাসত গৰ্ভস্থিত হৈ আহিনৰ এদিন থকাত শুক্লা দশমীত কুসুমবৰৰ জন্ম হয় (২৪৮-৬৬ পদ)। আলিপুখুৰীতে ৰাজধৰৰ মৃত্যুৰ পাছত সত্যসন্ধাৰ লগত কুসুমবৰৰ বিবাহ হয়; আৰু এই সত্যসন্ধাৰ গৰ্ভত পিতা কুসুমবৰৰ দৰেই মাঘ মাসত স্থিত হৈ আহিনত শ্ৰীশঙ্কৰদেৱ জন্ম হয় (২৬৬-৩৬০পদ)।

 শ্ৰী শঙ্কৰদেৱৰ জন্মকাল সম্পৰ্কে বিভিন্ন মত। ৰামচৰণে লিখিছে (৩৬০-৬৭)-

“আশ্বিন প্ৰবেশি পঞ্চ দিন বহি গৈল। সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল।৷
শুকুলা দশমী আসি ভৈলা শুক্ৰবাৰে। ধৰ্ম কহি পাপ নষ্ট কৈলা জগতৰে৷৷
চাৰি দণ্ড ৰাতি যেৱে গৈল সিদিনাৰ। তেৱেসে জানিবা ভৈল জন্ম শঙ্কৰৰ॥"