পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

তলৰ মাটি ওপৰ হয় বুলিব পাৰি। ধৰ্মৰ নামত অধৰ্ম, সত্যৰ নামত অসত্য আৰু পুণ্যৰ নামত পাপৰ প্ৰচলন কৰা হেতুকে ধৰ্মাধিকাৰসকলৰ বিৰুদ্ধে জন-গণৰ অকল অসন্তোষেই নহয়, অশ্ৰদ্ধাৰ ভাবো বাঢ়ি আহিল; আৰু ইয়াৰ সমানে সমানে সেই সুবিধা-প্ৰাপ্ত শ্ৰেণীৰ সন্মান আৰু প্ৰভাৱ টুটি আহিল। তেওঁলোকৰ অধিকাৰিত্বৰ বিৰুদ্ধে ফেপেৰি পাতি উঠাৰ লগে লগে সংস্কৃতিৰ এক স্বত্ববাদ গুচিবলৈ ধৰিলে; আৰু চছাৰৰ যুগৰ (১৩৫০-১৪০০খৃঃ) ইংণ্ডলৰ বিবেক জাগ্ৰত কৰিবলৈ জন উইক্লিফে (১৩২৪?-১৩৮৪ খৃঃ) প্ৰপীড়িত সমাজৰ হাতত বাইবোল ভাঙনি কৰি দিয়াৰ দৰে এই যুগতে হিন্দু- ধৰ্মশাস্ত্ৰবোৰ অসমীয়ালৈ ভাঙিবৰ দিহা হয়। আকৌ ইংলণ্ডৰ জ্ঞানৰ নৱজন্মৰ যুগৰ (১৪০০-১৫৫০ খৃঃ) দৰে এই যুগতেই ঘোৰ পৰিবৰ্ত্তনৰ অগ্নুৎপাত হয়, আৰু এলিজাবেথৰ যুগৰ(১৫৫০-১৬২০ খৃঃ) দৰে শ্ৰীশঙ্কৰদেৱৰ আবিৰ্ভাৱৰ লগে লগে শুই থকা অৱস্থাত বুকুৰ পৰা হাত গুচিলেই টোপনিত মোকমোকোৱা ৰোগ গুচাৰ দৰে অসমীয়া জাতিৰ সকলো ভয়-সংশয় আৰু সন্দেহ দূৰীভূত হয়। তদুপৰি অসমীয়া সমাজ-সাহিত্যৰ মহান কেন্দ্ৰৰূপে শ্ৰীশঙ্কৰদেৱকে ঘাই কৰি এই সকলো আন্দোলন অতি সুচাৰুৰূপে সম্পন্ন হয়।

 আত্ম-পৰিচয়মূলক ভণিতাত শঙ্কৰদেৱে দশম স্কন্ধ ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণত একেদৰেই লিখিছে-

বৰদোৱা নামে গ্ৰাম, শস্যে-মৎসে অনুপাম,
 লোহিতৰ অতি অনুকুল।

সেই মহাগ্ৰামেৰশ্বৰ, আছিলন্ত ৰাজ্যধৰ,
 কায়স্থ কুলত পদ্মফুল॥

তান পুত্ৰ সূৰ্যবৰ, মহাবলী দেশধৰ,
 দানী মানী পৰম বিশিষ্ট।

যাৰ যশ এভু জ্বলৈ, জয়ন্ত মাধৱ দলৈ
 দুয়ো ভাই যাহাৰ কণিষ্ঠ॥

তান পুত্ৰ কুলোদ্ধাৰ, ভৌমিক মধ্যত সাৰ,
 প্ৰসিদ্ধ কুসুম নাম যাৰ।

তান পুত্ৰ শিশুমতি, কৃষ্ণ পাৱে কৰি মতি,
 বিৰচিলা শঙ্কৰে পয়াৰ॥"