সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

আসমত ধৰ্মপ্ৰচাৰ কৰোঁতে চূণপোৰাত (বৰ্তমান বৰপেটা) ভবানন্দ সাউদে (পাছত নাৰায়ণ ঠাকুৰ আতা) এইজন কবিৰ ৰুক্মিণীহণ কাব্যৰ পদ শঙ্কৰদেৱৰ আজ্ঞামতে আবৃত্তি কৰাৰ প্ৰসঙ্গ ৰামচৰণ ঠাকুৰৰ শঙ্কৰ-চৰিতত (২৪২১-২৪ পদ) এনেদৰে আছে⸻

“নাৰায়ণো বসিলন্ত পুছিলা শঙ্কৰ। ইতো ৰাজ্যে উত্তম আছয় কোন নৰ॥
নাৰায়ণে কহিলন্ত চৰণত সেৱি। আছে একজন পীতাম্বৰ নাম কবি॥
শঙ্কৰে বোলন্ত কেনে কবিতা কৰয়। গোৱা নাৰায়ণ শুনো গীতৰ অন্বয়॥
শুনি নাৰায়ণে পাছে সুমৰি মনত৷ কবি-কৃত গীত গান্ত শঙ্কৰ আগত॥
বিলাপ কৰিয়া কান্দে দেৱী ৰুকমিনী। কোন অঙ্গ খুণ দেখি নাইলা পদ্মপাণি॥
আৰ গাইবে নিদিলা শঙ্কৰ মহামতি। জানিলেহো নাৰায়ণ সিটো অল্পমতি॥
গীততে জানিলো কাম-বশ্য সিটো জন। আন কোন আছে কহিয়োক নাৰায়ণ॥"

ৰামানন্দৰ গুৰু-চৰিততো প্ৰায় অবিকৃতভাৱে আছে (৮০১-০৩)-

“শঙ্কৰ বদতি নাৰায়ণ শুনিয়োক৷ তৈত কোন আছে, হৰি পৰায়ণ লোক।
নাৰায়ণে কন্ত তান নাম পীতাম্বৰ। কৰিছন্ত পদ তেন্তে দশম স্কন্ধৰ।
শঙ্কৰে বোলন্ত নাৰায়ণ মহাশয়া। তাহান কবিতা মুখে আসে কি নাসায়॥
নাৰায়ণ ঠাকুৰে পাছে গাইবাক লাগিলা। যেনমতে ৰুক্মিণীয়ে কৃষ্ণক ভাবিলা।...
শুনিয়া বোলন্ত আৰ গাইবে নলাগায়। গৰ্ব্ব-পৰ্ব্বতত সিটো উঠিয়া আছয়॥
ধৰ্ম্ম ধৰিবাৰ সিটো নোহে যোগ্য লোক। আন কোন আছে নাৰায়ণ কহিয়োক॥"

অৱশ্যে বৰ্ত্তমান পীতাম্বৰ কবিৰ এই ৰুক্মিণী-হৰণ কাব্য পাবলৈ নাই, কিন্তু শঙ্কৰদেৱে নিজে দশম স্কন্ধৰ ভাঙনিৰ উপৰিও ৰুক্মিণীহৰণ কাব্য আৰু নাট দুই ধৰণে লিখি পীতাম্বৰৰ এই কাব্য নিন্দিলে কিয়? শঙ্কৰদেৱে ইয়াত ইন্দ্ৰিয়ালুতা তথা লৌকিকতাৰ যি গোন্ধ পাইছিল, সেয়ে সম্ভব প্ৰাকশঙ্কৰী সাহিত্যক শঙ্কৰী সাহিত্যৰ পৰা পৃথক কৰিছিল, আৰু পূৰ্বশঙ্কৰী তেনে লৌকিক গীত-মাততকৈ পৃথক বা শ্ৰেষ্ঠ বুজাবৰ বাবেই “বৰগীত’’ৰ জন্ম। সি যি হওক, পীতাম্বৰৰ “উষা-পৰিণয়” কাব্যৰ পৰাও আমি কবিৰ এই ইন্দ্ৰিয়ালু স্বভাৱৰ গম ধৰিব পাৰোঁইক -

“দেখিয়া কুমাৰী উষা গুণে মনে মনে। ধন্য নাৰী পুৰুষ বিলাপ কৰে বনে৷৷
হেনয় সময়ে যাৰ কোলে নাহি পতি। অকাৰণ প্ৰাণ ধৰে সেহিসে যুৱতী৷৷
বসন্ত সময়ে যাৰ কোলে নাহি পতি। কলসি সন্ধিয়া জলে মৰোক যুৱতী॥