মোহাৰিলে। তথাপি যি আছে আৰু যেনেকৈ ছপা হৈছে, তাতো অসমীয়া ভাষাৰ বৈশিষ্ট্য একেবাৰে লুপ্ত হোৱা নাই নিশ্চয়। এই মহাভাৰতখনি অতি সংক্ষিপ্ত হলেও মূলৰ লগত যে ভাঙনিৰ সম্পূৰ্ণ মিল আছে তাক দীনেশচন্দ্ৰ সেনে উদ্ধৃতিৰে দেখুৱাইছে (আধ্যয়ন, ১০৬-০৭)।
কবীন্দ্ৰ মহাভাৰতৰ বচন তেন্তে হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আদিৰ আংশিক ভাঙনিতকৈ পাছৰ হলেও ৰাম সৰস্বতীৰ পাছ নহব; ই কাশীনাথ দাসৰ বঙলা মহাভাৰততকৈ যেনে মৌলিক তেনে প্ৰাচীন সন্দেহ নাই। এই সকলো ফালৰ পৰাই অসমীয়া সাহিত্যলৈ ই এটি বিশিষ্ট অৱদান।
সঞ্জয় কবি মহাভাৰতৰ আৰু এজন পদ-ভাঙনি কৰোঁতা। এওঁৰ ৰচিত
মহাভাৰত বঙ্গদেশৰ বিক্ৰমপুৰ, শ্ৰীহট্ট, ত্ৰিপুৰা, নোৱাখালি, চট্টগ্ৰাম, ফৰিদপুৰ,
ৰাজসাহী প্ৰভৃতি ঠাইত পোৱা হৈছে বুলি “বঙ্গভাষা ও সাহিত্য" লেখক দীনেশ-
চন্দ্ৰ সেনে কৈছে আৰু সঞ্জয়ৰ গ্ৰাম্য ভাষা প্ৰাচীন বিভক্তিৰ জটিলতা অনেক
স্থলেই বিৰক্তিকৰ" বুলিছে। কিন্তু তেওঁৰ উদ্ধৃতিৰ পৰাই ই সুন্দৰ সহজ
অসমীয়া বুলি বুজিব পাৰি, যদিও অৱশ্যে আধুনিক বঙলা ভাষাৰ বাবে ই
আচহুৱা—
“ৰাজাৰ আদেশ পাই, দুঃশাসন গৈলা ধাই
সভাত আনিল একেশ্বৰী।
একবস্ত্ৰা ৰজস্বলা, দ্ৰুপদ নন্দিনী বালা
ৰাহুএ যেন চন্দ্ৰ নিল হৰি॥
মন্দ বোলে সভাজন, ধৰ্মশাস্ত্ৰ অকাৰণ,
উচিত নোবেল কোন জনা।
কাঁদয়ে সুন্দৰী ৰামা, ৰূপে-গুণে অনুপমা,
নয়নেবহয় জলধাৰা॥
আপনে হৰিল পতি, মেহোৰ যে কোন গতি,
উত্তৰ নাদিওঁ জন।৷
দ্ৰৌপদীৰ বাক্য শুনি, সভাসদে কানাকানি
অন্যোঅন্যে মুখ নিৰীক্ষণ॥"
পীতাম্বৰ কবি অন-বৈষ্ণব শঙ্কৰী যুগৰ কবিৰ ভিতৰত কব নোৱাত; তব কাবণ একাধিক শঙ্কৰ-চৰিতত এ বিশেষ উল্লেখ আছে। ঐশঙ্কৰদেৱে নাননি