পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


পৰাগল খাঁ নামক একজন সেনাপতিকে চট্টগ্ৰাম প্ৰদেশে ভূসম্পত্তি প্ৰদান কৰিয়াছিলেন; এই পৰাগল খাঁৰ আদেশে কবীন্দ্ৰ পৰমেশ্বৰ মহাভাৰতেৰ আদি- পৰ্ব হইতে স্ত্ৰীপৰ্ব বাঙ্গলা ভাষায় অনুবাদ কৰিয়াছিলেন।" তদুপৰি “বঙ্গভাষা ও সাহিত্য”ত দীনেশচন্দ্ৰ সেনে লিখিছে, - “ফণী (আধুনিক ফেনা) নদীৰ তীৰে চট্টগ্ৰাম জোবওয়াৰগঞ্জ থানাৰ অধীন পৰাগলপুৰ এখনও বৰ্তমান... পৰাগল খাঁৰ প্ৰসাদাৱলী এখন ৰাশিকৃত ভগ্ন ইষ্টকস্তুপে পৰিণত৷... কিন্তু একখানি তুলট কাগজে লিখিত কীটদ্ৰংষ্ট্ৰাবিদ্ধ লুতাতন্তুজড়িত প্ৰাচীন পুথি লুপ্ত স্মৃতি উদ্ধাৰ কৰিয়াছে; সে পুথিখানি “পৰাগলী ভাৰত” অথবা কবীন্দ্ৰ পৰমেশ্বৰ বিৰচিত মহাভাৰত।"(১৫৮ পিঠি)!

 এই মহাভাৰতৰ “বাঙলা ভাষা” আৰু লেখকৰ কবীন্দ্ৰ পৰমেশ্বৰ" নাম উভয়েই সনান ৰহস্যজনক। পুথিৰ ভিতৰত ক'তো “কবীন্দ্ৰ পৰমেশ্বৰ” উপাধি নাই, হবও নোৱাৰে; উদ্ধৃত পদৰ শেষ শাৰী “কবীন্দ্ৰ পৰমযত্নে পাঁচালী ৰচিয়া।" তাকেই “কবীন্দ্ৰ পৰমেশ্বৰ পাঁচালী বচিয়া " বুলি আবিষ্কাৰ কৰাই অতি সম্ভৱপৰ। এই পুথিৰ নকল পোনতে চট্টগ্ৰামত পাই তাৰ ভাষাৰ বিশেষত্ব ভালদৰে উপলব্ধি কৰিব নোৱাৰি তাক পুৰণি বঙলা ভাষা বুলি কথা চমু চপাই থোৱাও স্বাভাবিক। কিন্তু ইয়াৰ পাছত ১৯২০ৰ পাছত অসমৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ পুথি-ভৰালত যেতিয়া এই মহাভাৰতৰ তিনটি সুকীয়া নকল পোৱা হল, তেতিয়া তাৰ মূল ৰহস্য উদঘাটিত হৈ কবীন্দ্ৰ পাত্ৰ যে সেই ৰাজপৰিয়ালৰ পূৰ্বপুৰুষ সি ওলাই পৰিল৷ সৌভাগ্যক্ৰমে সেই ৰাজপৰিয়ালৰ যত্নত ১৯৩০-৩১ত গৌৰীনাথ চক্ৰবৰ্তী শাস্ত্ৰীৰ দ্বাৰা ই সম্পাদিত হৈ ওলাল; অলপ মাত্ৰ দুখৰ কথা, লেখকৰ অসমীয়া ভাষাৰ জ্ঞান বা তাৰ প্ৰতি শ্ৰদ্ধা সিমান গভীৰ নথকা হেতুকে পুথিখন বঙলা নুবুলিলেও বঙলা সাজত ওলাল। সম্পাদকে ব্লক্ কটাই ছপাই দিয়া পাতটিৰ প্ৰতিকৃতি আৰু “১০৭ বৎসৰেৰ” আৰু “২০০ বৎসৰেৰ পুৰাতন পুস্তক আদৰ্শলিপি (বানানেৰ আদৰ্শ)” যি আৰ্হি দিছে, তাৰ পৰা স্পষ্ট প্ৰমাণ হয় যে পুথিখন সম্পূৰ্ণ অসমীয়া আখৰ, ব্যাকৰণ, আৰু ভাষাৰ নিদৰ্শন। সম্পাদকৰ সৌজন্যত ছপাবলৈ নকল কৰোৱাৰ আগতে পুৰণি পাণ্ডুলিপিকেইটি আমি মিলাই চাবৰ সুযোগ পাইছিলো; কিন্তু কবলৈ দুখ লাগে, লেখকে আমাৰ পৰামৰ্শ সত্ত্বেও “ বেহুক ব্যুহ কৰাৰ দৰে ভালেখিনি ঠাইত পুথিখন অন্যায়ভাৱে হাত ফুৰাই "শুধৰাই " পুৰণি অসমীয়া গঢ়ৰ চিন ভালেখিনি