মণ্ডলৰ পুত্ৰৰূপে সামান্য এঘৰ মানুহত বিশুৰ জন্ম হয়; হুছেন শ্বাহ বঙ্গৰ ৰাজ-
পাটত থকা কালৰ (১৪৯৪-১৫২৫) ভিতৰত বিশ্বসিংহ নাম লৈ চিকণগড়ৰ পৰা
আহি কোচবেহাৰত ৰাজধানী পাতি কৰতোয়া আৰু বৰনদীৰ মাজৰ দেশত
ৰাজত্ব (১৫১৫-৪০) কৰে। মিথিলাৰ পৰা নৰহৰি নামৰ এজন কায়স্থ আনি
বিশসিংহই তেওঁক মন্ত্ৰী পাতে, নৰহৰি জীৱিত কালতে এওঁৰ পয়োনিধি নামৰ
এজন পুতেক ঢুকায়, আৰু পাছত বিকৰ্ণপুৰ উপাধি পোৱা আন এজন পুতেক
সন্ন্যাসী হৈ যায়। নৰহৰিৰ তৃতীয় পুতেক বাণীনাথে পাণ্ডিত্যৰ বাবে “কবীন্দ্ৰ”
আৰু নৰনাৰায়ণৰ মন্ত্ৰীৰূপে “পাত্ৰ” উপাধি পায়; ১৫৮০ লৈকে এওঁ নৰনাৰায়ণৰ
(১৫৪০-৮৪) মন্ত্ৰী আছিল। বাণীনাথ মল্লদেৱ (নৰনাৰায়ণ) তাক শুক্লধ্বজৰ
(চিলাৰায়) বাল্যবন্ধু আছিল, আৰু এওঁ তেওঁলোক কাশীত পঢ়িবলৈ যোৱাৰ
আগলৈকে বিশ্বসিংহ ৰাজসভাত থকা মৈথিলী পণ্ডিত সাৰ্বভৌমৰ অধীনত
ৰাজপুত্ৰৰ সমানেই শিক্ষা-লাভ কৰিছিল। কাশীৰ পৰা উলটি আহি মল্লদেৱ
আৰু শুক্লাধ্বজ ক্ৰমে ৰজা আৰু ৰাজসেনাপতি হোৱাত বাণীনাথ ৰাজমন্ত্ৰী হল;
আৰু কোনো দিগ্বিজয় আদিতো বাণীনাথ কবীন্দ্ৰ পাত্ৰ এওঁলোকৰ লগৰীয়া
হৈছিল। “দৰং-ৰাজবংশাৱলীত পোৱা হয় হেড়ম্বপুৰ জয়ৰ কাৰণে চিলাৰায়
অকলে যাব খোজেঁতে, নৰনাৰায়ণে তেওঁক নিৰ্দেশ দিছে -“ৰাজা বোলে
যায়ো বাপু বিলম্ব নকৰি। কবি-ইন্দ্ৰ পাত্ৰকো নিয়োক লগ কৰি ||৩৮৯।"
কবীন্দ্ৰ পাত্ৰ কবি আৰু যোদ্ধা আছিল, এইবাবে তেনে এজন ইংৰাজ।
কবি-যোদ্ধাৰ লগত তুলনা কৰি এওঁক অসমৰ ছাৰ ফিলিপ ছিদনী বোলা
হৈছে।
বঙ্গৰ ৰজা, আলাউদ্দীন হুছেন শ্বাহৰ (১৪৯৪-১৫২৫) দুজন সেনাপতিৰ এজন স্বয়ং ৰাজকুমাৰ ভাবী সম্ৰাট নছৰৎ শ্বাহ আৰু ইজন পৰাগল খাঁ। এই পৰাগল খাঁৰ নিৰ্দেশ অনুসাৰেই কবীন্দ্ৰই মহাভাৰতৰ পদ-ভাঙনি কৰে (৪-১১ পদ)।
“সুলতান আলাপদীন্ প্ৰভু গৌড়েশ্বৰ। এ তিন ভুবনে যাৰ যশেৰ প্ৰসাৰ॥
লস্কৰ পৰাগল খান শুনন্ত কাহিনী। যেন মতে পাণ্ডৱে হাৰাইলা ৰাজধানী॥
এই সব কথা কহ অতি সংক্ষেপিয়া। দিনেকে শুনিতে পাৰি পাঁচালী ৰচিয়া।
তাহাঁৰ আদেশ মান্য মস্তকে কৰিয়া। কবীন্দ্ৰ পৰম যত্নে পাঁচালী ৰচিয়া।"
“বাঙ্গলাৰ ইতিহাস" লেখক ৰাখালদাস বন্দ্যোপাধ্যায়ে লিখিছে, “হুসেন সাহ