পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


নাৰায়ণদেৱৰ কাল-সম্পৰ্কে দুই এটি বিভিন্ন মত বা ভুল ধাৰণা আছে। ভাইঠেলী খণ্ডৰ এটি ভণিতাত -

“শুনা কুমাৰ কেশাই, হাছান হোছেন দুই ভাই,
 দিল্লীপুৰে ছিল মহাৰজা।

মোৰ সঙ্গে বিবাদ কৰি, ভাঙ্গিলা মোৰ ঘৰবাৰী,
 ভায়ে দিয়ে নৱ লক্ষ পূজা।”

 আন কোনো ভণিতাত আছে, “নিকটে আছয় বৈৰী হাছান হোছেন।” ইয়াকে কোনোৱে বিশ্বাস-ঘাতকতাৰে কমতাপুৰ ধ্বংসকাৰী বঙ্গৰ শাসক হুছেন শ্বাহৰ উল্লেখ বুলি হুতাই-তাইকৈ ধৰি নাৰায়ণদেৱৰ কাল নিৰ্ণয় কৰিব খোজে; কিন্তু বিখ্যাত কাৰবালাৰ কাহিনীৰ “হাছান হুছেন দুই ভাই’’ থাকোতেও, দুইকো মোহাৰি এক হোছেন শ্বাহ সাজিবৰ হেতু বিচাৰি পোৱা টান। নামনি অসমৰ মুছলমানে গোৱা মনসা-গীতত এনে জোৰ দিয়া ভণিতাৰ অৰ্থ বিচৰা বনৰীয়া হাঁহ ধৰিবলৈ যোৱাৰ নিচিনা নিশ্চয়। তদুপৰি হীহট্ট আক পূৰ্ববঙ্গত প্ৰচলিত মনসা-গীতৰ পৰা বঙ্গীয় সাহিত্যৰ বুৰঞ্জী-লেখক দীনেশচন্দ্ৰ সেনে নাৰায়ণদেৱক পঞ্চদশ শতিকাৰ আগভাগত বহুৱাব খোজে, কিন্তু তাৰ বিশেষ যুক্তি বিচাৰি পোৱা টান। মনকৰ আৰু দুৰ্গাবৰ এই দুজন মনসা-কবিৰ ভাষাতকৈ নাৰায়ণ দেৱৰ গীতৰ ভাষা অধিক প্ৰাচীন যেন নালাগে; দুৰ্গাবৰৰ ভণিতাৰ পৰা তেওঁক বিশ্বসিংহৰ সমসাময়িক আৰু এই বাবেই ষোড়শ শতিকাৰ আগভাগ বা পঞ্চদশ শতিকাৰ শেষ ভাগৰ বুলি ঠাৱৰোৱা হৈছে, এতেকে নাৰায়ণদেৱৰ কাল তাৰ আগত নহয় বুলি ধৰিব পাৰি।

 ষষ্ঠীবৰ নামৰ চতুৰ্থ এজন মনসা-কবিৰ নাম আৰু ৰচনাৰ চানেকি বেণুধৰ ৰাজখোৱাৰ পৰা পোৱা হয়। নাৰায়ণদেৱ আৰু ষষ্ঠীবৰ দুই জনৰে ঘৰ শ্ৰীহট্টত বুলি তেওঁলোকক বঙালীৰ ফালে দাবী কৰা হয়। কিন্তু এই কবি দুজনৰ তথা শ্ৰীহটৰ ভাষাও যে পুৰণি অসমীয়াই তাক বেণুধৰ ৰাজখোৱাই সুপ্ৰমাণিত কৰিছে। যষ্ঠীবৰৰ প্ৰাঞ্জল ভাষাৰ চানেকি ৰূপে চান্দ সদাগৰৰ লঙ্কা-যাত্ৰা আৰু ফুলৰ মেলৰ বৰ্ণনা দুটি মন কৰিব লগীয়া (অধ্যয়ন, ৮২ পিঃ)।


মহাভাৰতৰ কবিসকল -কবীন্দ্ৰ, সঞ্জয়, আদি


 বৰ্তমান গোৱালপাৰা জিলাৰ খুটাঘাট পৰগণাৰ চিকণগড় গাঁৱত হাড়িয়া