পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


হুছেন শ্বাহৰ বিশ্বাসঘাতকতাত ১৪৯৮ ত কমতাপুৰ ধ্বংস তাৰু ১৫১৫ ত বিশ্বসিংহৰ নেতৃত্বত সেই কমতাৰ ভেটিতে কোচবেহাৰত নতুন কোচ ৰাজ্যৰ ৰাজধানী পতা হয়।

 এতিয়া সেই বাবে মনকৰৰ কালৰ ৰজাজন দ্বাদশ শতিকাৰ শেষ ভাগত অৰ্থাৎ নীলধ্বজৰ (১২০৪-৫৬) আগত আনি বহুৱাব নোৱাৰিলে ভণিতাৰ মিললৈ চাই দুৰ্গাবৰ তথা বিশ্বসিংহৰ কাললৈ আনিব লাগিব। এই বিষয়ত তেনেহলে আভ্যন্তৰিক অৰ্থাৎ কবিৰ নিজ ৰচনাৰ ভাষাৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব; তালৈকো মনকৰ ৰচনাৰ চানেকিও বিৰল। অনাদিপাতন বা সৃষ্টিৰ আৰম্ভ সম্পৰ্কে মনকৰৰ ভণিতাৰ যি কবিতাটি আছে। তাৰো প্ৰথম পদটি ৰামাই পণ্ডিতৰ “শূণ্য পুৰাণ’’ৰ ভাষাৰে একে; বাকিখিনিও অনুৰূপ।

“নাহি জল নাহি স্থল নাহিক আকাশ। এ মেৰু মন্দাৰ নাহি নাহিক কৈলাস॥
নাহি ধৰ্ম নাহি কৰ্ম নাহি বসুমতী। গঙ্গা দুৰ্গা নাহি গোঁসাই লক্ষ্মী সৰস্বতী॥
নাহি উদয়গিৰি গোসাঁই নাহি অস্তগিৰি। বাসুকী যে নাগ নাহি দ্বাৰকা যে পুৰী॥
দিবা ৰাত্ৰি নাহি গোঁসাই নাহি অন্ধকাৰ। তিথি যে নক্ষত্ৰ নাহি নাহি দিন-বাৰ॥
নাহি বিদ্ধি নাহি সিদ্ধি এযোগ ধিয়ান। অষ্টবসু নাহি গোসাঁই আগম পুৰাণ।
নাহি যতি নাহি সতী নাহি ক্ৰিয়াধাৰী। ঋষি যে তপস্বী নাহি নাহি ব্ৰহ্মচাৰী॥
নাহি যমৰাজা গোসাঁই নাহি যমালয়। গো যে মনুষ্য নাহি, উৎপত্তি প্ৰলয়।
স্বৰ্গ নাহি মৰ্ত্ত্য নাহি নাহিক পাতাল। স্থুলৰূপ দেৱৰ দেৱ ভাসে কতকাল॥
স্থুলৰূপে ৰৈলা বটপত্ৰৰ উপৰ। হাত ভৰি নাহি গোসাঁই আছে দিগম্বৰ॥
সৃষ্টি পাতিবাক গোসাঁই কৰিলা যুগুতি। মনকৰে ৰচিলেক সৃষ্টিৰ ঊৎপত্তি॥"

 এই বৰ্ণনাৰ ভাষা অৱশ্যে ত্ৰয়োদশ শতিকাৰ আগছোৱাৰ বুলিলেও একেবাৰে নুই কৰা কঠিন হব, কিয়নো ই সামান্যভাৱে হলেও পৰিবৰ্তিত হৈ আহিছে।  দুৰ্গাৱৰ অৱশ্যে এই মনসা-কবিসকলৰ ভিতৰত যেনে মূৰ-জিলিকা তেনে সৰবৰহী। তেওঁৰ আত্ম-পৰিচয়ৰ ভণিতাত লিখিছে -

“কমতা-ঈশ্বৰ বন্দো বিশ্বসিংহ নৃপবৰ।
আঠচল্লিশ মহিযী বন্দো ওঠৰ কোঞৰ॥