পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য

আৰ্য্যদেৱতা ৰূপে গণ্য নোহোৱা বুলি বুজিব পাৰি, অতি সম্ভৱ গুপ্ত ৰাজত্বত ৰচনা কৰা ভাগৱত আদি পুৰাণৰ কালীয়দমন কাহিনীয়েও এক পৰবৰ্তী কালত ভাগবতী বৈষ্ণৱ ধৰ্মই তাৰ পূৰ্ববৰ্তী মনসা পূজাক জয় কৰা কথাকে চিৰস্মৰণীয় কৰে বুলি বুজিব পাৰি।

 অসমত তথা অসমীয়া সাহিত্যতো সেইদেখি মনসা-সাহিত্য আগৰ তৰপৰ হব পাৰে বুলি ভাবিব পাৰি। এই মনসা- কবিসকলৰ ভিতৰত মনকৰ আটাইতকৈ পুৰণি যেন লাগে, গতিকে এওঁক কোনোৱে দ্বাদশ শতিকাৰ শেষ ছোৱা বা ত্ৰয়োদশ শতিকাৰ আগৰছোৱাৰ কবি বুলিব খোজে। কিন্তু এওঁৰ আত্ম- পৰিচয়মূলক মুঠেই এফাকি পদৰ পৰাই বিশেষভাৱে ইয়াৰ বিচাৰ কৰিব লাগিব-

কামৰূপ কামাখ্যা বন্দো ঢেকেৰীয়াৰ নাতি।
পাতালৰ নাগ বন্দো এ নাগ দেউতি॥
দুতি অমৰাৱতী বন্দো জল্পেশ্বৰ লোক।
স্বৰ্গ-মৰ্ত্য-পাতাল বন্দো এ তিনি ত্ৰৈলোক॥
কমতাৰ ৰাজা বন্দো ৰাজা জল্পেশ্বৰ।
একশত মহিষী বন্দো ওঠৰ কুমৰ॥”

 ইয়াৰ পৰা মাত্ৰ বুজিব পাৰি মনকৰ কোনোবা ঢেকেৰীয়াৰ নাতি, আৰু তেওঁ কমতাৰ কোনোবা জল্পেশ্বৰ ৰজাৰ আমোলৰ কবি; শেষৰ ফাকি পদ কবি দুৰ্গাবৰৰ আত্মপৰিচয়ৰ ভনিতাতো পোৱা হয়। সি যি হওক, এই কমতাৰ ৰজা জল্পেশ্বৰ কোন? দুৰ্লভনাৰায়ণ আদি কমতাৰ ৰজাক গৌড়েশ্বৰ বোলা পোৱা হয়; কিন্তু জল্পেশ্বৰ উপাধি (নাম?) অকল ইয়াতেই পোৱা হয়। জল্পেশ বা জল্পেশ্বৰ কোনো দেৱতাৰ উল্লেখ নে জালপাইগুৰি অঞ্চলৰ কোনো ৰজাৰ উপাধি? ইফালে কামৰূপ আৰু কমতা নাম আছে; আৰু পাল ৰাজত্বৰ শেষ ভাগ কামৰূপৰ ৰাজধানী “কামৰূপ নগৰ’'লৈ স্থানান্তৰিত হোৱা কথাও তামৰ ফলিত পোৱা বুলি উল্লেখ কৰি অহা হৈছে। ইফালে এই কামৰূপ-নগৰ সম্ভৱ কমতাপুৰেই বুলিও নানা বিচাৰৰ পৰা ঠাৱৰাই অহা হৈছে; আৰু অন্ততঃ চতুৰ্থ শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ লিপিমূলক প্ৰমাণৰ দ্বাৰা প্ৰতিষ্ঠিত কামৰূপৰ এটি সম্পূৰ্ণ ৰাজমালা পাওঁহঁক, তাত বাহিৰৰ এজন ৰজা আনি বহুৱাবৰ ঠাই নাই। তাৰ পাছত খেন বংশৰ ৰজা নীলধ্বজ (১২০৪-৫৬) ৰাজপাটত উঠে আৰু নীলাম্বৰক (১৪৫৩-৯৮) তাত বহা পোৱা হয়। শেষৰ ঘটনা,