পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


দুকড় কেকড় তেকড় নেমু, কড়াই চাৰি জাম।
কুৰি কড়ায় কুৰি ফল কিনি আনা ৰাম॥"

লেখকৰ আত্মা-পৰিচয় সম্পৰ্কে মাত্ৰ এফাকি কথা --

“জ্যোতিষ যে আক, চূড়ামণি কহে, বালকসৱক প্ৰতি।
কায়স্থসকলে, নিন্দা নকৰিবা, মহাশয়ে অল্পমতি।”

এই পুথিত থকা “বিৰাশী শকত আছিলে কিছু ছাত্ৰ” কথাৰ পৰা ইয়াক ১৩৮২ শক তথা ১৪৬০ খৃঃত লিখা বুলি কোনো-কোনোৱে ঠাৱৰ কৰিবলৈ বিচাৰে; কিন্তু এই পুথিত বকুল কায়স্থৰ উল্লেখ আছে, আৰু বকুল কায়স্থ “দৰং ৰাজবংশাৱলী” মতে ১৫৪০ ৰ আগৰ নহয় বুলি দেখুৱাই অহা হৈছে। তদুপৰি বকুল কায়স্থৰ পুথিৰ সামৰণিত আকৌ নাৰায়ণ দাস, উমাপতি, সিদ্ধ, হৃদয়ানন্দ কায়স্থ আৰু দুৰ্গাদাস প্ৰভৃতিৰ নাম আছে। এওঁলোকৰ ভিতৰত হৃদয়ানন্দ কায়স্থ "শ্ৰীৰাম কীৰ্তন” বা “অনন্ত ৰামায়ণ"ৰচোঁতা অনন্ত ঠাকুৰৰ আন নাম; আৰ এওঁ সপ্তদশ শতিকাৰ মাজছোৱাৰ কবি। সত্য, ত্ৰেতা, দ্বাপৰ, কলিৰ বছৰগণনাও বকুল কায়স্থই লিখিলে, আৰু ভাৰতৰ পুৰণি ৰাজপৰিয়ালবোৰৰ কাল নিৰ্ণয়ো ইয়াত দিছে। প্ৰয়োগ-ৰত্নমালা ব্যাকৰণ" প্ৰণেতা পুৰুষোত্তম ঠাকুৰ বিশ্বকবি ৰবীন্দ্ৰনাথৰ পূৰ্বপুৰুষ বুলি জনাজাত।

মনসা-সাহিত্য — মনকৰ, দূৰ্গাবৰ আদি কবিসকল

 স্বয়ং ভাৰতবৰ্ষৰ ধৰ্মৰ ইতিহাসত মনসা বা সাপ-পূজা অন্ততঃ বৈষ্ণৱ ধৰ্মতকৈ যে প্ৰাচীন তাত সন্দেহ নাই। ভাগৱতী বা বৈষ্ণৱ ধৰ্মৰ ঘাই ঘৰ মথুৰাতে শক-কুশান ৰাজত্বৰ যুগতো জৈন আৰু বৌদ্ধ-ধৰ্মৰ লগে লগে সাপ-পূজাই পুনৰ মেৰাই ধৰিছিল বুলি ঐতিহাসিক বিচাৰে দেখুৱায়; কিয়নো গ্ৰীক লেখক মেগাস্থেনিছে তেওঁৰ সময়ত যি মথুৰাত ভাগৱতী ধৰ্মৰ ইমান প্ৰভাৱ দেখিবলৈ পাইছিল, তেওঁৰ পাছত সেই শক- কুশান ৰাজত্বৰ কালত য’ত ৮৭ খন জৈন আৰু ৫৬ খন বৌদ্ধলিপি পোৱা হৈছে, ত’ত ভাগৱতী ধৰ্মৰ এখন মাত্ৰ লিপি এতিয়ালৈকে পোৱা হৈছে। এই শক-কুশান ৰজাসকলে খৃষ্টপূৰ্ব প্ৰথম শতিকাৰপৰা খৃষ্টাব্দৰ তৃতীয় শতিকালৈকে ৰাজত্ব কৰিছিল, আৰু তেওঁলোকৰ সৰহখিনিয়েই সম্ভৱ ভাগৱতী ধৰ্মৰ বিৰোধী শৈব বা বৌদ্ধ ৰজা আছিল, আৰু ৰজাৰ নহলেও সাপ পূজা সৰ্বসাধাৰণৰ ধৰ্ম থকাটো সম্ভৱপৰ। দক্ষ-যজ্ঞৰ কাহিনীৰ পৰা যেনেকৈ দক্ষ ৰজাৰ কাললৈকে শিৱ