পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নৱ-জন্ম মুগত কুলি উঠা অসমীয়া সাহিত্য
১০১

শুনিয়ে পুৰুষোত্তম ভট্টাচাৰ্য দ্বিজ।   কৰিয়োক ৰত্ন-মালা ব্যাকৰ্ণৰ বীজ ৬০৫
বকুল কায়স্থ তুমি ভাঙ্গা লীলাবতী।   অল্পতে বুজয় যেন কায়স্থ সম্প্ৰতি।
পণ্ডিত সৱক পাচে কৰিলা সম্মান।   ধন ৰত্ন বস্তু-অলঙ্কাৰ দিলা দান॥৬১১

 বকুল কায়স্থ বহুতৰ মতে শ্ৰীশঙ্কৰদেৱৰ পূৰ্ববৰ্তী; দেবেন্দ্ৰনাথ বেজবৰুৱাৰ মতে এওঁৰ “কিতাবত মঞ্জৰী" পুথি ১৫০৮ ত লিখা। কিন্তু “দৰং ৰাবংশাৱলী’’ৰ মতে ই ১৫৪০ ৰ আগৰ হব নোৱাৰে, কিয়নো সেই বছৰতহে নৰনাৰায়ণ ৰাজপাটত উঠে। আত্ম-পৰিচয়ত বকুল কায়স্থই লিখিছে –

“কিতাবত শাস্ত্ৰখান পৰম গহন ৷   আক আৰম্ভিলো আমি হুয়া মুঢ়জন।
দোষ নিদি ক্ষমা কৰা মূৰ্খ হেন জানি।   বকুল বাৰ্ণলা শিৱ বন্দিয়া ভৱনী॥"

 ইয়াৰ পৰা লেখক শৈব বা শাক্ত আছিল বুলি বুজিব পাৰি। পুথিখন লীলাবতী গণিতৰ পদভাঙনি আৰু বিষয় অনুসাৰে তিনি ভাগত বিভক্ত। ৰচনাৰ চানেকি -

“গোমুত্ৰ সমভূমি দেখি - এ যাক।  ভেদুৰ ভেঙ্গনা দিবা তাক॥
দীৰ্ঘ অঙ্কক লব্ধে পুৰি।   ভেঙ্গুৰ প্ৰমাণি লম্বিতে হৰি॥
চতুৰ বয়নে সৈতে হৰিবা ভাগ।   পুটক অঙ্গক পাইবা লাগ॥"

 কবিৰত্ন আন এজন লীলাবতী ভাঙোতা; এওঁৰ ঘাই নাম পোৱা হোৱা নাই। অসমৰ মজিন্দাৰ বংশৰ এজন দূৰ্গাৰাম কায়স্থই প্ৰাচীন ভাৰতৰ অৰ্থশাস্ত্ৰ-বিশাৰদা লীলাৱতীৰ মূল সংস্কৃত পুথি ১৪৬৮ খৃঃ মানত অসমলৈ আনে বুলি জনা হয়। কবিৰত্নৰ ভাঙনি গদ্যৰ আৰ্হি এনে – “প্ৰথমে প্ৰথমে অঙ্কৰ নৱবিধ প্ৰক্ৰিয়া; যথা পূৰণ, হৰণ, ছেদন , যোজন, ঘনকৰণ, ঘনমূলকণ, বৰ্গকৰণ, বৰ্গমূলকৰণ, সঙ্কলিত কৰণ, এই নৱবিধ। পূৰ্ব চাৰি প্ৰায় লোকে সংক্ষেপে জানে; আন পঞ্চবিধক জনাটো বিৰলহে প্ৰায়। এখন পূৰণ-হৰণ কাক বোলে তাক কহি। যিহেৰে পূৰিব সেই প্ৰমাণেৰে পূৰ্য্য অঙ্কক বঢ়োৱাৰ নাম পূৰণ।"
 চুড়ামণি বুলি আৰু এজন লেখকৰ "জ্যোতিষ চূড়ামণি" বোলা পদ-পুথিত জ্যোতিষৰ বাহিৰেও লীলাবতীৰ গণিতৰ বিষয়ৰ কথা আছে, যেনে, –

 চাৰিশত দিয়া তাৰ হৰিবাহা ভাগ।   যত পুৰা মাটি লাগে তত পাইবা লাগ।
পুৰা নহয় যদি ষোড়শে নুপূৰিবা।  যদি পুৰা হয় যোড়শে পূৰিবা ৷৷