পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য
৯৯

একদেৱ- একসেৱ নীতি প্ৰবৰ্তন কৰিলে অন্ততঃ অসমৰ বুৰঞ্জীত আগে-পিছে তাৰ তুলনা নাই। এলিজাবেথীয় যুগৰ ইংৰাজী সাহিত্যৰ তুলনাতো অসমৰ এই বৈষ্ণৱ সাহিত্য অসামান্যভাবে ব্যাপক হলেও এলিজাবেথীয় সাহিত্যতকৈ ইয়াৰ প্ৰাণবস্তুৰ ঐক্য অধিক বুলিব পাৰি। আৰু গঢ়ত প্ৰাচীন হলেও অসমীয়া বৈষ্ণৱ সাহিত্য এলিজাবেথীয় সাহিত্যৰ দৰেই যৌৱন, আশা আৰু বীৰ্য্যময় বুলি নৱন্যাস সাহিত্যৰ দৰে স্পন্দনপূৰ্ণ আছিল। শ্ৰীশঙ্কৰদেৱৰ আবিৰ্ভাৱৰ লগে লগেই যেন কিবা ঐন্দ্ৰজালিক প্ৰভাবত সেই আন্ধাৰ আৰু বেমেজালিৰ নিশা পলাই ফাট মৰিলে, পোহৰ আৰু আশাৰ সোণালী পুৱাই ভুমুকি মাৰিলে। এলিজাবেথৰ ৰাজত্বৰ ইংলণ্ডৰ বিষয়ে মিল্টনে কৈছিল, শক্তিধৰ মানুহ এটা টোপনিৰ পৰা উঠাৰ দৰে গৰীয়সী শক্তিৰূপ ইংৰাজ জাতিয়ে প্ৰাণ পাই উঠি সামাজিক বন্ধনৰ শিকলি ছিঙি মোহাৰি পেলালে। ' বৈষ্ণৱ যুগৰ অসমীয়া জাতিৰ বিষয়েও সেই কথা ততোধিক ৰূপে খাটে আৰু প্ৰতি অসমীয়াই, যেন প্ৰকৃততে অনুভৱ কৰিলে - “ভিদ্যতে হৃদয়গ্ৰন্থিঃ ছিদ্যন্তে সৰ্বসংশয়াঃ।" আকৌ এলিজাবেথ ইংলণ্ডৰ সামাজিক ৰাজনৈতিক আদি বাহ্যিক জয়জয়-ময়ময় অৱস্থাৰ লগত বৈষ্ণৱ যুগৰ সামাজিক ৰাজনৈতিক অদি জয়জয়-ময়ময় অৱস্থাৰ তুলনা কৰিব পাৰি; কিন্তু বৈষ্ণৱ ধৰ্মৰ নিচিনা সম্পূৰ্ণ আধ্যাত্মিক আন্দোলনৰ লগত সেই বৈষয়িক উন্নতিৰ যোগসূত্ৰ কি থাকিব পাৰে সি ভাবিব লগা বিষয়, কিয়নো ইছলামৰ দৰে এই ধৰ্ম বৈষয়িক সম্বন্ধ থকাতকৈ বৈষয়িক উন্নতিৰ বিৰুদ্ধেহে ই প্ৰকাশ্যে আগবাঢ়িছিল। বৈষ্ণৱ অসমৰ সেই অৱস্থাৰ লগত অকল বৌদ্ধ ভাৰতৰহে ৰিজনি হব পাবে। বৌদ্ধ ধৰ্ম কোনো বৈষয়িক উন্নতিৰ লগত সংশ্লিষ্ট ধৰ্ম নাছিল নিশ্চয়, কিন্তু যেনেকৈয়ে হওক বৌদ্ধ ধৰ্ম প্ৰচাৰৰ লগে লগে অশোক আদি ৰজাৰ কালতো ভাৰতবৰ্ষৰ জয়জয় ময়ময় অৱস্থা হৈ পৰিছিল। অশোক আদি ৰজাই, বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে যি কৰিছিল তাৰ ভালেমান শতিকাৰ পাছত খৃষ্টীয় পঞ্চম ষষ্ঠ শতিকা আদিত গুপ্ত ৰজাসকলেও বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে তাকেই কৰিছিল; আৰু সেই গুপ্ত যুগ অৱশ্যে ভাৰতবৰ্ষৰ এক সোণালী যুগ। এই দুই উদাহৰণৰ পৰা ইয়াকে বুজিব পাৰি, যি হৃদয়-দুৰ্বলতা আৰু নীতি-অধৰ্মৰ কেৰোণে ব্যক্তিৰ দৰে জাতিক খুলি খুলি খায় কোনো শ্ৰেষ্ঠ ধৰ্মৰ আধ্যাত্মিক আন্দোলনে সেই দুৰ্বলতা আৰু কেৰোণ গুচাই ব্যক্তিৰ দৰে জাতিকো সুস্থ অৱস্থালৈ আনে; তদুপৰি সেই দুই দোষ লগত