পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ৫৬৭ ভাগীৰথী ক্ৰমে বৰ বহল হৈ গৈছে। দুয়োপাৰৰ গছ গছনি ৰিণি ৰিণি মনিব পাৰি। “চি-গ” চৰাইবোৰ জাকে জাকে জাহাজৰ কাষত আনন্দ মনেৰে উড়ি ফুৰিছে। কোনো কোনোটো, জাহাজৰ ভিতৰ সোমায়ে ওলাই গৈছে। ডেকৰ বেঞ্চ এখনত বহি পানীৰ লীলা খেলা চাইছে। মোৰ গাৰ ওচৰেই কেইবাটাও চৰাই উড়ি গৈছে। এই চৰাইবোৰ দেখিবলৈ চিকোণ, ইহতৰ ধেমালিও চাবলৈ বৰ ভাল। কুমাৰী মেৰি ইউই তাহানি পঢ়া Sea Gull কবিতালৈ মনত পৰিল। ৯|| বাজাত ( Breakfast ) ব্ৰেকফাষ্টৰ ঘণ্টাত কোব পৰিল। চাহাব- বিলাকৰ ভিতৰত প্ৰধান ভোজন তিনিবাৰ হয় :-- (১ম) দুপৰীয়া আমি ভাত খোৱা সময়ত চাহাবৰবাৰে যি খানা খায় তাকে ( Breakfast ) ব্ৰেকফাস্ট বোলে; (২য়) ১ বজাত চাহাববোৰে টিফিন খায়; (৩য়) সন্ধ্যা লাগিলে ডিনাৰ (Dinner) খায়। এই ডিনাৰ সকলো বাৰৰ ভোজনতকৈ ডাঙ্গব ভোজন। ইয়াৰ বাহিৰে আৰু তিনবাৰ অলপ ভোজন হয়—(১ম) পুৱা শুই উঠাৰ পাছতে ছোট হাজিৰি; (২য়) আবেলি ৪ বাজাত; (৩য়) ৰাতি শুবৰ সময়ত অলপ চাহ বা কাফি ৰুটি কিংবা বিস্কুটেৰে সৈতে খায়। ইয়াৰ দ্বাৰায় বুজিব পাৰি ইংৰাজ বিলাকৰ খোৱাৰ খিতাপ কিমান। ১০ বজাৰ পাছত বঙ্গোপসাগৰ দেখা পালোঁ। বঙ্গোপসাগৰত। মই মোৰ বন্ধুৰ লগত আমাৰ খোটালিৰ ভিতৰত বহি কথা পাতি আছিলো। ঢৌৰ হেন্দোলনিত আমাৰ জাহাজ বৰকৈ কঁপিবলৈ ধৰিলে। এনেতে কিছুমান চাহাব আৰু মেমে “Sea ” “Sea ” বুলি চিয়ৰ শুনি আমি বৰ উলাহেৰে ডেকৰ ওপৰলৈ লৰি আহিলোঁ। আহা! চকুৰ আগত যি অসীম পানীৰ, ৰাজ্য দেখিলে তাক নমৰোঁমানে পাহৰিব নোৱাৰিম। হেজাৰ হেজাৰ ঢৌ আৰু ফেনৰ থুপিৰে সৈতে সাগৰে গৰ্জ্জিব লাগিছে। সাগৰৰ পানী নীল বৰণীয়া। ওপৰত অনন্ত নীলাকাশ মাজে মাজে দুচপৰা এচপৰা বগা বগা ডাৱৰে বাট হেৰুৱাই উৰি ফুৰিছে; তলত পাৰ-কুল নেদেখা নীল সমুদ্ৰ; এই দুয়োকো যত মিলা দেখিসেই মিলন-ৰেখাটিলৈ চাই পঠিয়ালে মনত এক অপূৰ্ব ভাবৰ উদয় হয়। আমাৰ জাহাজে “সাগৰ-দ্বীপ” এৰিলে; (pilot) গুৰিয়ালে জাহাজৰ গতি ঠিক কৰি দিলে। দিদৰ্শণ যন্ত্ৰৰ দক্ষিণমুৱা হৈ জাহাজ চলিবলৈ ধৰিলে। আমি ভাৰত, ভূমিৰ পাৰ একেবাৰে নেদেখা হলো। আমি বঙ্গোপসাগৰত।