পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৩
অসমীয়া ভাষা।

যি যি বিষয়তে সাহিত্য অলপ নিচলা আছিল। সেই সেই বিষয়তে তাক পূৰঠ কৰিবলৈ প্ৰাণ টাকি চেষ্টা কৰিছিল। আৰু তাৰ বাহিৰেও গবৰ্ণমেণ্টৰ মনৰ পৰা অসমীয়া ভাষা বঙ্গালী ভাষাৰ চহা অৱস্থা, এই ভুল বিশ্বাসটো দূৰ কৰিবলৈ বঙ্গালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত থকা মনিব নোৱাৰা প্ৰভেদ বিলাকো গবৰ্ণমেণ্টৰ আগত ফটফটিয়া কৈ দেখুৱাই ছিল। তেও বিলাকে অসমীয়া ভাষা এটা যে স্বতন্তৰীয়া ভাষা, এইটো প্ৰমাণ কৰিবলৈ বঙ্গালী বিষয়া সকলৰ কথাকে নকও, খোদ গবৰ্ণমেণ্টে সৈতেও যুজ কৰিব লগা হৈছিল। তেওঁবিলাকে শিক্ষা বিভাগৰ ডাঙ্গৰ বিষয়া বিলাকৰ চকুত আঙ্গুলী দি, অসমীয়া ভাষা অসমৰ মানুহৰ মাতৃ ভাষা, এতেকে সিহঁতক অসমীয়া ভাষাৰে শিক্ষা দিয়াহে যুগুত আৰু সম্ভৱ, এই কথা বুজাই দিবলৈকো অসীম পৰিশ্ৰম কৰিব লগীয়া হৈছিল; দুখৰ বিষয় তেওঁ বিলাকে পাদুৰী চাহাব সকলৰ কথালৈ অলপো কাণ দিয়া নাছিল। অনেক মানুহ আছে সিহঁতে কাৰণ নুবুজাকৈয়ে অনেক কাম কৰে আৰু আনে উপযাচি তাৰ কাৰণ বুজাই দিলেও বুজনি লবলৈ লাজ পায়। এনে বিধ মানুহ যদি কেনেবাকৈ ক্ষমতাশীল হবলৈ পায়, তেনেহলে আৰু সিহঁতৰ উদ্ভণ্ডালিত পৃথিবীয়ে হেন্দোলদোপ কৰিবলৈ ধৰে; সিহঁতে নিজৰ স্বাৰ্থ নেথাকিলেও আনৰ অপকাৰ কৰি ক্ষমতাৰ অপচু ব্যৱহাৰ কৰাটোকে জীৱনৰ সকাম বুলি ভাবে। অসমৰ সেই কালৰ শিক্ষা বিভাগৰ গৰাকী বিলাকৰো অনেকেই এই শ্ৰেণীৰ মানুহ আছিল। তেওঁ বিলাকে অসমীয়া ভাষা, অসমীয়া মানুহৰ প্ৰতিটো কিমান লাগতিয়াল তাক বুজিও নুবুজাৰ ভাও ধৰিছিল।

 পিছে পাদুৰী চাহাব সকলে যেতিয়ালৈকে অসমৰ অদালত আৰু পঢ়াশালিৰ পৰা বঙ্গালী ভাষাক খেদাই তাৰ ঠাইত অসমীয়া ভাষাক বহুৱাব নোৱাৰিলে, তেতিয়ালৈকে গবৰ্ণমেণ্টৰ সৈতে ঘোৰ বাক-বিতণ্ডা কৰিলে। আৰু ১৮৭১ চনত অসমীয়া ভাষাক আকৌ আগৰ ঠাইত যেতিয়া বহুৱালে তেতিয়াহে তেওঁ বিলাক শান্ত হল। শিৱসাগৰৰ পাদুৰী চাহাব সকলে অসমীয়া ভাষাৰ শব্দাৱলীত বহুত পোহৰ দিলে। তেওঁ বিলাকে ইংৰাজী শব্দৰ ভাব লৈ বহুত অসমীয়া শব্দ গঢ়িলে। আৰু তাতকৈও অসমীয়া ভাষাৰ যিবোৰ মিঠা মিঠা সুৱলা শব্দত ব্যৱহাৰ নকৰাত মামৰ বন্ধ গৈছিল, সেই শব্দবোৰ ঘঁহি মাজি পাদুৰী চাহাব সকলে আকৌ ব্যৱহাৰৰ উপযুক্ত কৰিলে। এই কাৰণে অসমীয়া ভাষাই কেতিয়াও পাদুৰী চাহাব সকলৰ গুণ নোলোৱাকৈ থাকিব নোৱাৰে। কিন্তু তেওঁ বিলাক বেলেগ ধৰ্ম্মী, বেলেগ আচাৰী, বিদেশী মানুহ বাবে, যিমানকৈয়ে অসমীয়া ভাষা শিকক