নানা সৰু সৰু ৰাজ্য হৈ পৰস্পৰৰ মাজত বিবাদ আৰু অনৈক্য চলি আহিছিল। সেই অনৈক্যৰ ফলত ভাৰতবৰ্ষত মুছলমানৰ ৰাজত্ব হল; হিন্দু গৌৰব, হিন্দু স্বাধীনতা আৰু সভ্যতাৰ মূৰত কুঠাৰৰ ঘা পৰিল। ভাৰতবৰ্ষত অকল সন্মিলনৰ অভাৱৰ নিমিত্তেই হিন্দু সভ্যতাৰ অৱনতি হোৱা নাই। বহুদিনৰ আগৰ পৰা হিন্দু সমাজৰ পৰা সাম্যভাৱ আৰু স্বাধীনতাই বিদায় লৈছে। শেহত ৰজাৰ ক্ষমতা স্বেচ্ছাচাৰী হৈ উঠিল, ৰজা প্ৰজাৰ মাজত স্বৰ্গ মৰ্ত্ত্যৰ প্ৰভেদ হল, ব্ৰাহ্মণবিলাকৰ ক্ষমতা বঢ়াত সিহতে নানা উপায়েৰে নিজৰ প্ৰাধান্য স্থাপন কৰিলে। ব্ৰাহ্মণ পূজা আৰু দেৱ পূজা প্ৰায় একে হৈ পৰিল, টান নিয়মবিলাকৰ নিমিত্তে নীচকুলীয়া মানুহবোৰ নানা স্বত্বৰ পৰা বঞ্চিত হল, সাধাৰণ মানুহৰ আধ্যাত্মিক স্বাধীনতা নোহোৱা হল। তেতিয়া হিন্দু সভ্যতাৰো শোচনীয় অৱস্থা হৈ পৰিল। ভাৰতবৰ্ষৰ নিচিনা, ইংলণ্ডতে এসময়ত সমাজত সম্মিলন, সাম্যভাৱ আৰু স্বাধীনতা লাহে লাহে কমিগৈছিল হয়, কিন্তু সৌভাগ্যক্ৰমে কিছুমান কাৰ্যৰ গতিত ইংলণ্ডীয় সভ্যতাৰ অৱস্থা বেয়া হবলৈ নেপালে, বৰং তাৰ উন্নতিৰ বাট মুকলি হল। আগেয়ে কোৱা হৈছে যে, ইংলণ্ডত দেশীয় সমাজত অনৈক্য গুচি নৰ্মান আৰু এঞ্জেভাইন ফৈদৰ ৰজাবিলাকৰ ৰাজত্বৰ সময়ত মানুহবোৰৰ মাজত সন্মিলন হবলৈ ধৰিলে। কিন্তু সন্মিলন হোৱাতো, সমাজত সাম্যভাৱ আৰু স্বাধীনতা নথকাৰ বাবে ইংৰাজবিলাকৰ জাতীয় সভ্যতাৰ উন্নতিয়ে বহুত দিন প্ৰতিবন্ধক পাই আছিল। সমাজত সাম্যভাৱ থপাৰ প্ৰথম চেষ্টাত ৰজাৰ স্বেচ্ছাচাৰী ক্ষমতা দমাবলৈ কাৰবাৰ হৈছিল। বেৰণবিলাকে এই কাৰ্য্যত সাধাৰণ মানুহৰ নেতৃত্ব কৰিছিল। ৰজাক দমাবলৈ চেষ্টা কৰোঁতে দেশত সমৰাগ্নি জ্বলি উঠিল, বহুত ৰক্তপাতৰ ফলত মেগ্নাকাৰ্টা সাধাৰণ মানুহবিলাকে পালে। ইংলণ্ডীয় সমাজত সাম্যভাৱ আৰু স্বাধীনতা স্থাপনৰ এয়ে প্ৰথম খোজ। সেই সময়ৰ পৰাই ইংৰাজ প্ৰজাবিলাকৰ ৰজাৰ ওপৰত ক্ষমতা দিনে দিনে বাঢ়িবলৈ ধৰিলে। মেগ্নাকাৰ্টাৰ প্ৰায় ৪৫০ বছৰৰ পাছত স্বেচ্ছাচাৰিতাৰ বাবে প্ৰথম চাৰ্লচৰ শিৰচ্ছেদ কৰি ইংলণ্ডীয় প্ৰজাবিলাকে ৰজাৰ ওপৰত সিহতৰ প্ৰভূত্বৰ সম্পূৰ্ণ চিনাকি দিয়ে। কিন্তু অকল ৰজাৰ ক্ষমতা খৰ্ব্ব কৰাৰ পৰা একো ফল লাভ নহল। ৰজাৰ অপৰিসীম ক্ষমতাৰ পৰিবৰ্তে ফিউডেল নিয়মৰ গুণত বেৰণবোৰৰ ক্ষমতা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিলে। ৰজাৰ বিপক্ষে অস্ত্ৰ ধৰোঁতে সাধাৰণ মানুহ আৰু বেৰণবিলাকে একেলগে গোট খাইছিল হয়, কিন্তু যেতিয়া ৰজা প্ৰজাৰ হাতৰ তলতীয়া হল, তেতিয়া সাধাৰণ মানুহবোৰে বেৰণবিলাকৰ অপৰিমিত ক্ষমতা খৰ্ব্ব কৰিবলৈ কাৰবাৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮৫
অৱয়ব