পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰ্শুৰাম দ্বিজ।

_____

ধৰ্ম্ম পুৰাণ।


দ্বিজ সকলোৱে একদিনা সুবেকত,
কৰিলেক ধৰ্ম্ম প্ৰশ্ন ব্যাঁসৰ আগত॥
দ্বিজগণ নিগদতি ব্যাস মুনিবৰ।
পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ॥

কোন নামে হন্ত ইহ কাহাক আচৰি,
অক্ষয় স্বৰ্গক পাৱে পাপক সংহৰি।
মৰ্ত্ত্যবাসী ব্ৰাহ্মণাদি সমস্তে বৰ্ণৰ,
অকষ্টে লভয় স্বৰ্গ কিমতে অপৰ॥

মহন্তে হীনেও যথা লভয় স্বৰ্গক,
যেন কাৰ্য্যে দেৱতাৰো লভে গৌৰবক॥
প্ৰসন্ন হুয়োক গুৰু আমৰা সবত,
এহি সব তত্ত্ব মোক কহিয়ো বেকত॥

ব্যাস নিগদতি অতি কৈবো পঞ্চাখ্যান,
ইহাতে তোৰাৰ প্ৰশ্ন হৈবেক বিধান॥
পাঞ্চৰ একক কৰি নৰ সমস্তয়,
পাপ মোক্ষে স্বৰ্গে যাই নাহিকে সংসয়॥