পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
দৰঙ্গৰাজবংশাৱলী ৷

বৰ গোসাই আদি মন্ত্ৰীয়ে শুনি,
লোৰ পঠা সাজি দিলন্ত গুনি॥
আকে এক ঘাই কাটে নৃপতি।
তেবেসে আসিব আছে শকতি॥

দূতে নিয়া লোৰ পঠাক দিলা,
তাক বাসা ঘৰ দিয়া ৰাখিলা॥
হবিষ্যান্ন স্নান কৰি তৰ্পিলা,
যুগ্ম পঠা দিয়া দেবী অৰ্চ্চিলা॥

দুতক আনিলা আগক মাতি।
একে ঘায়ে কাটি কৰিলা খ্যাতি॥
তাকে উৎসৰ্গিয়া দেবীক দিলা।
মণ্ড গুটি ছিল দিয়া খেদিলা॥

শিৰ গুটি নিয়া দিলন্ত দূতে।
স্বৰ্গী ৰাজা দেখি ভৈলন্ত ভীতে॥
বিনা যুদ্ধে ভঙ্গ মানিলা মনে।
সোমাইলন্ত চৰৈখোৰঙ্গ মানে॥

শুনি নৰনাৰায়ণ যে ৰাই,
নৰগ্ৰামপুৰ পাইলন্ত যাই॥
হাটি বাটি আলি চাইলন্ত ঘুৰি,
প্ৰকাশন্ত যেন ইন্দ্ৰৰ পুৰি॥

তৈতে গৃহ সাজি ৰৈলন্ত ৰাজা।
ভেটিলন্ত আসি অসম প্ৰজা॥
তাসম্বাক ৰাজা নিৰ্ভয় দিলা।
মন সুস্থ কৰি গৃহে বঞ্চিল॥