পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
অসমীয়া সাহিত্যৰ চানেকি ৷

তৈতে ৰাত্ৰি বঞ্চিলন্ত বাৰ দলে ভেণ্টিলন্ত,
 তাৰ নাম বাৰদলা ভৈলা॥
তাৰো পৰা পৰিলন্ত কান্ত যাই ৰহিলন্ত,
 তাৰো পৰা সিঙ্গৰিক গৈলা।
সিঙ্গৰিৰ গোপেশ্বৰ সেবি লভিলন্ত বৰ,
 ভৰলুৱা নদীতীৰে ৰৈলা॥
ভৰলুয়া নদী বৰ, দেখন্তে লাগই ডৰ,
 উৰ্ম্মি পাক সহিতে বহন্ত।
দুই সুতি ভয়ঙ্কৰ শুক্ৰধ্বজ নৰেশ্বৰ,
 ঘোড়াৰেৱে এটি চেড়াইলন্ত॥
সৰ্ব্বলোকে আছে চাই দিলা যেন উড়ি যাই,
 ভৰলুৱা নদী চেৰাইলা।
এতেকে সে চিলা ৰাই নাম এই অভিপ্ৰায়,
 জয় জয় তুমুল ব্যাপিলা॥

______

পদ।

আত অনন্তৰে যেমন ভৈলা,
তাকে পদ বন্ধে কহিবে লৈলা॥
গড়গ্ৰাম পুৰে লৰিলা ৰাই।
কাম্পন্ত ধৰণী সেনাৰ পাই॥

ধনুশ্বৰ শেল অসিক ধৰি,
কতো হস্তী ঘোটকে ছৰি॥
সেনাৰ ঘঞ্চালে কৰ্ণক ফাৰে,
সৰ্ব্বস্ব তেজিয়া পলান্ত নৰে॥