পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
দৰঙ্গৰাজবংশাৱলী


হেন শুনি ভৰচিয়া শুতিয়া থাকিলাঁ‌।
তাহাক মহেশে যাই স্বপ্ন দেখাইলা॥
অৰে শুন কত তই নিদ্ৰা আছা কৰি।
মোহোক বোলয় হৰ ভস্ম জটাধাৰী॥

তোহোৰ স্বৰূপে মই হীৰাক ৰমিলোঁ‌।
অন্নকো ভুঞ্জিলো বৰ তৃপিতি লভিলোঁ‌॥
বোলা যদি ঈশ্বৰেও আচৰে ইমত।
পূৰ্ব্বে বশিষ্ঠৰ শাপ আছয় আমাত॥

এতেকে মোহোৰ অংশে জন্মিব কুমৰ।
সেই পুত্ৰে পৃথিবীত হৈব নৰেশ্বৰ॥
নিয়মে থাকিবি তই থিৰ কৰি চিত।
এহি বুলি মহেশ্বৰ ভৈলা অন্তৰ্হিত॥

এমন স্বপ্নক মেছে দেখিয়া নিদ্ৰাত।
মেছনীত কৈয়া ক্ৰোধ এৰি খাইলা ভাত॥
শুদ্ধ ধাৰণাক ধৰি হীৰা ৰহিলন্ত।
শূন্য তিনি চৈধ্য শক যেতিয়া ভৈলন্ত॥

প্ৰথম বিষুৰ দিনা উপজিলা শিশু।
এতেকে ৰাজ্যত নাম উঠিলন্ত বিষু॥
ৰাজ্য চিহ্ন চক্ৰ সব শৰীৰে আছয়।
তপ্ত সুবৰ্ণৰ বৰ্ণ কাৰ্ত্তিকৰ নয়॥

মেছ বীৰ্য্যে পাচে এক পুত্ৰ উপজিলা।
তাৰ নাম শিশু বুলি মণ্ডলে মাতিলা॥
বৰ গোৰখীয়া বিশু ভৈলা গোৰখৰে।
যাক যিবা আজ্ঞা কৰে আচৰে সত্বৰে॥৫০॥