পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দৰঙ্গৰাজবংশাৱলী ৷

এহি মতে গুণি গান্থি আছা নৃপবৰ।
সেহি দিনা আসি দেখা দিলন্ত শঙ্কৰ॥
শঙ্কৰ বদতি পুত্ৰ নকৰিবি ভয়।
যিজন হৈবন্ত ৰাজা দেখিয়ো প্ৰত্যয়॥২৫০॥

অষ্টাদশ দ্ৰব্য আনি কৰি এক স্থান।
ভিনে ভিনে টোপোলা বান্ধিবা বিদ্যমান॥
মৃত্তিকাৰ টোপোলাক যিজনে নিৱয়।
সেহি জনে ৰাজ্য হৈব নাহিকে সংশয়॥

এহি বুলি সদাশিৱ ভৈলা অন্তৰ্ধ্যান।
বিশ্বসিংহে কৰিলন্ত কথাৰ প্ৰমাণ॥
সোণাৰূপা তাম্ৰ কাংস সেতু ৰাঙ্গ সীহা।
মুকুতা পিতল মাটি যৱধান লোহা॥

কপাস সৰিষ মাষ অস্থি ভষ্ম কাষ্ঠ।
গুপ্তভাবে টোপোলা বান্ধিলা কৰি নিষ্ঠ॥
যজ্ঞ কৰি সভাৰ মধ্যত থাপিলন্ত।
পুত্ৰ সকলক পাচে আদেশ দিলন্ত॥

শুন পুত্ৰসব মোৰ আদেশ বচন।
জনে জনে টোপোলাক আন এতিক্ষণ॥
ৰাজাৰ বচন শুনি পাচে পুত্ৰগণে।
টোপোলাক আনিয়া দিলন্ত জনে জনে॥

স্বৰ্ণৰ টোপোলা নৰসিংহে আনিলন্ত।
বিদেশত ৰাজা হৈব আজ্ঞা কৰিলন্ত॥
মল্লদেবে মৃত্তিকাৰ টোপোলা আনিলা।
এন্তে ৰাজা হুইব বুলি আদেশ কৰিলা॥