পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
অসমীয়া সাহিত্যৰ চানেকি।

বিচাৰয় আজি কাৰ পৰিচয়!
হাঁয় কলিকালে কিহত পেলালে,
ভাৰতৰ আজি কিনো দুঃসময়!
সিদিনা ৰোমৰ ভগাচিন বিলাকে,
নিজ স্বাধীনতা আনিলে মাতি।
গ্ৰীচকো ইদৰে ই চিন বিলাকে,
লগালে সিদিনা একতাত গাতি।
তেন্তে তুচ্ছ বুলি নেভাবোঁ ই শিল,
হৃদয় মাজৰ জপৰ ধন,
কৰিব এদিন ভাৰত সন্তানে
পৰাণ প্ৰতিষ্টা ইয়াৰ সাধন।
জন্মিব সিদিনা শতেক ম্যাট্‌ছিনি
তুচ্ছ পৰি থকা শিলৰ পৰা!
শত গৰিবল্‌ডি জনম লভিব
কৰিব পোহৰ ভাৰত ধৰা;
সিদিনা বুৰঞ্জী কৰিব উদ্ধাৰ
আছে লেখা এই শিলৰ ভিতৰ।
চিয়াহিৰে লেখা নহয় পাতত,
যুগমীয়া ইটো লেখা শোনিতৰ।
কুশিক্ষিত আজি ভাৰত সন্তানে
পঢ়িবলৈ এই বুৰঞ্জী আখৰ;
নিচিনি অপোন পৰক সলাগে
ইহেন দুৰ্ভাগ্য হাঁয় ভাৰতৰ।
ছি! ছি! আশাৰ ছলনা যেন মৰিচীক
দেখিলি সপোন মিছায় কল্পনা।
জাতীয় বিদ্বেষ ৰাক্ষসী ভকত
দিওঁ ইহতক কিহেৰে তুলনা?
নাই মিল কাৰো দুৰ্ম্মতি সন্তান,
চৌষষ্টি, পয়ষষ্টি বেলেগ জাত।
ইহেন জাতিক হাঁয় কোন দিনে