পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪২ অসমীয়া সাহিত্যৰ চানেকি। শঙ্কৰ দৈৱৰ দেখো জীৱনৰ | চৰিত্ৰ কেৱল ভকতত সীমা, চৈতন্য জীৱন জগত ঘোষণ, শ্মশানতে লয় শঙ্কৰ মহিমা। মাধদেউ এক সুকবি প্ৰধান, অসভ্য দেশত জন্মি নষ্ট নাম। “যেন ফুল প্ৰাণ | হাবিত জনম | হাবিব বতাহে হাবিতে নাশে।” সভ্য প্ৰদেশ জনম হেতেন হলা হয় কেনে যশৰ ভূষণ, কবি মহামতি, মই মূৰ্খ অতি, | নেজানো কৰিব তোমাৰ পূজন; কৰে। কবিতাৰে, | দুৰবল সুৰে, | চকুৰ পানীৰে এবেলি তৰ্পণ। কুলাচল নামে কাব্য কোন জনে | কৰিলে ৰচনা কৰোহে তৰ্পণ। কুৰ্ম্মৱলী পদ, আৰু চণ্ডী পদ ৰচিলে কোননে কবি দুইজন; চকুৰ পানীৰে তৰ্পোহে এবাৰ, দহিলে সুনাম শ্মশানে তোমাৰ। ই অসভ্য দেশ মনুষ্যত্ব লেশ নাই একেবাৰে ভাৰত মাজে, উলঙ্গ দেশৰ, কাম কি ধোবাৰ? নোশোভে লোকক কাপোৰ সাজে। ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নোহে কোনে কয়?