পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৩
অসমৰ উন্নতি।

বাট চাই থকা মানুহ বিধৰ কথা হৈছে। অৱশ্য এইটো মানে যে লাগনি গছৰ পুলিটি কই তাত বাৰুকৈ সৰ দিলেহে এদিন ডাঙ্গৰ হৈ গুটি ধৰিব। উন্নতিও তেনেকুৱা আমাৰ কৰ্ত্তব্যকাম এতিয়া যিবিলাক আছে, তাক নকৰি সময় আহোক, আমাৰ পাছৰ পুৰুষে কৰিব এই বুলি বহি থকা উন্নতি আশাৰ লক্ষণ নহয়। শুদা ভৰালটো থৈ গলে, সময়ে তাক ভৰাই নিদিয়েহি। পাছত লৰা ছোৱালীয়ে খাবলৈ নেপাই নমৰিবনো কিয়? উন্নতি বেপাককাৰ দিনৰে পৰা মূলধনৰ নিচিনা সঞ্চিৎহৈ আহিছে। মূলধন নেথাকিলে উন্নতি কৰা বৰ টান। তাতেহে বহুত সমালোচক বিলাকে আজিকালি গধুৰকৈ ভাবি চিন্তি কয় যে, ভাৰত বাসীয়ে ভাল বিষয়ৰ পৈতৃক সংস্কাৰৰ ভৰালটো ভাঙ্গি আগৰ বস্তু বিলাক পেলাই দি অকল উপস্থিত সময় নতুন বস্তু ভবাৰলৈ নকৈ ভৰাল সাজিবৰ কাম নাই।। আগৰ পুৰণি ভৰালক সময় লাগতিয়াল বোৰ সুমাই সুমাই পূৰ্ণ কৰা। পিছলৈ তেহে এনেকৈ লাহে লাহে মূলধন বাঢ়ি যাব আৰু উন্নতিৰ গুৰি শকত হব। এপিনে আগৰ খিনি এৰি নতুনক ধৰিলে যেনে উন্নতিৰ গুৰি শকত হব নোৱাৰে; আনপিনে পুৰণিৰ লগত নতুন নুসুমুৱালেও উন্নতিব গুবি শকত মহয়। আমাৰ অসম দেশৰ এতিয়া কিছুমান উপযুক্ত লোকে এনেদৰে জাতীয় উন্নতিব গুৰি শকত কৰিবলৈ ককালত কাপোড় বান্ধি পুৰুষাৰ্থ কৰিব লাগে। কথাতে কয় বোলে ইপুৰীত দিলেহে সি পুৰীত পায়। কাৰ্য্যৰ ফল শেহলৈ। বৰ্তমান যি যেনে কাম কৰিম তাৰ ফল আমি ভোগ কৰিবলৈ নেপালেও পিছৰ পুৰুষে পাবই পাব। জ্ঞান বোলা, ধৰ্ম্ম বোলা পূৰ্ব পুৰুযে আমালৈ যেনে আৰ্জ্জি থৈ গৈছে বৰ্ত্তমান আমি তাক তেনে ভোগ কৰিবলৈ পাইছোঁ। এই বাবে বৰ্তমান সময়ৰ কৰিব লগীয়া কাম, বৰ্ত্তমান পুৰুষে কৰি থৈ নগলে পিছৰ পুৰুষ মহাদুখত পৰে আৰু নিৰ্বশ হৈ নাম নুমাববে। সম্ভব। সময় আমালৈ সদায় আহি আছে, আমি এতিয়া যিটো সময়ৰ ওপৰত থিয় দি আছে।। সেইয়েই আমাৰ সময়। এই সময়ত আমাৰ কৰিব লগিয়া যি কাম হাক নকৰা, সোৰোপা হৈ লৰ তিৰোতাক প্ৰতিপাল নকৰি বহি থকাৰ দবে, মহাপাপ। পিছৰ পুৰুষলৈ খাট কাম কৰি থৈ যোৱা মানুহৰ জীৱনৰ উদ্দেশ্যৰ ভিতৰত এটি প্ৰধান কাম। মানুহক ঈশ্বৰে সমাজ, গাও-ভূই পাতি আৰু জাতীয়তা বান্ধি থাকিবলৈ দিছে। সমাজ বা জাতিৰ দুখ সুখ সকলোৱে সমানে ভোগ কৰে। সমূহ-সুখ-সুচল বঢ়োৱা আৰু ৰক্ষা কৰা ক্ষমতাটোকেই জাতীয় জীৱন বোলে। এই জাতীয় জীৱন গঢ়া আৰু বঢ়োৱা অকল এটা দুটা মানুহৰ কাম নহয়। জাতিটোৰ সৰু বৰ সকলো মানুহেই লাগতিয়াল। তুঁহ পতান বুলি কাকো পেলানি যাবলৈ দিব নোৱাৰি।