পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১৪ | অসমীয়া সাহিত্যৰ চানেকি। হৈছিল। আৰু দ্বাদশ শতাব্দিৰ পৰা চতুৰ্দশ শতাব্দিলৈকে জয়ন্তাপুৰৰ ৰজা সকলে সাধাৰণতঃ “বৰাহি ৰজা” বুলি অভিহিত হৈ অসমৰ নগাঁও জিলালৈকে অধিকাৰ কৰিছিল আৰু অসমৰ প্ৰধান কবি মাধৱ কন্দলীৰ জন্মস্থান নওগাঁওৰ আলি- পুখুৰিত হোৱা বাবে তেওঁ জয়ন্তাৰ ৰজাৰ প্ৰজা আছিল। সুতৰাং নিজ দেশৰ। ৰজাৰ অজ্ঞাত যে তেওঁ ৰামায়ণ অসমীয়া ভাষাত ভাঙ্গি পদ কৰিছিল সেই বিষয়ত আৰু সন্দেহ কৰিব লগীয়া কথা নয়। দ্বিতীয়তঃ জয়ন্তাপুৰৰ পুৰণি বুৰঞ্জীৰ বিবৰণত দেখা গৈছে দ্বাদশ শতাব্দিৰ পৰা চতুৰ্দশ শতাব্দিৰ ভিতৰত “মাণিক” উপাধি থকা তিনিজন ৰজা হৈছিল। তেওঁলোকৰ নাম বিজয় মাণিক, ধন মাণিক, আৰু যশ মাণিক এতেকে ৰামায়ণ ভাঙ্গনি কৰোতা ৰজা এও লোকৰ তিনিজনৰ এজনা অবশ্যে হব পায়। জয়ন্তাপুৰৰ ৰজা সকল পূৰ্বে খাসিয়া জাতীয় আছিল, পাছে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰি হিন্দু বুলি পৰিচয় দিছিল। ১৮৩৬ খ্ৰীষ্টাব্দত শ্ৰীযুক্ত লক্ চাহাবে জয়ন্তাপুৰৰ পূৰ্বৰ ৰজা সকলৰ নাম, ৰাজ্য ভোগৰ সময় আৰু ৰজা হোৱা চন তলত লিখাৰ দৰে লিখি গৈছে।। | নাম | বছৰ সন। খ্ৰীঃ ১। বৰ গোহাঞি ১১৩৬ ১৭২৯ ২। ছত্ৰ সিংহ ১১৭৯ ১৭৭২ ৩। যাত্ৰা নাৰায়ণ ১১৮৮ ১৭৮১ ৪। বিজয় নাৰায়ণ ১১৯৩ ১৭৮৬ ৫। ৰাম সিংহ ১১৯৬ ৬। ৰাজেন্দ্ৰ সিংহ। ১৮৩২ (ৰাজ্যচ্যুত হয় ১২৪১ চন অৰ্থাৎ ১৮৩৪ খ্ৰীষ্টাব্দ) শ্ৰীযুত গেইট চাহাবে জয়ন্তাপুৰৰ বুৰঞ্জী বিষয়ক যি টীকা লিখিছে তাত ওপৰত লিখা বৰ গোহাই ৰজাৰ আগৈয়ে যোলজন ৰজা হোৱাৰ কথা লেখিছে। যথা— ১। পৰ্বত ৰায় ৭। ধন মাণিক ১৩। প্ৰতাপ সিংহ ২। মাজু গোসাঞি ৮। যশ মানিক | ১৪। লমী নাৰায়ণ ৩। বুৰা পৰ্বত ৰায় ৯। সুন্দৰ ৰায় ১৫। ৰাম সিংহ। ৪। বৰ গোসাঞি ১০। ছোট পৰ্বত ৰায় ১৬। জয় নাৰায়ণ ৫। বিজয় মাণিক ১১। যশমন্ত ৰায় ৬। প্ৰতাপ ৰায় ১২। বাণ সিংহ ১৭৮৯