পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
অসমীয়া সাহিত্যৰ চানেকি ৷

অগ্নি কোণে দেবীগঞ্জ আছয় সাক্ষাত।
নামত কমতেশ্বৰী দেবী আছে তাত॥
গন্ধে পুষ্পে ধূপে দীপে যিজনে পূজয়।
মনৰ কমনা সিদ্ধি অৱশ্যকে হয়॥

পাষাণে ইষ্টকে মঠ কৰিছে নিৰ্ম্মাণ।
দ্বিতীয় কৈলাস যেন শোভে থান খান॥
পাৰিষদ সমে হৰি লিখিছে সাক্ষাত।
হৰ গৌৰী নন্দী ভৃঙ্গী লিখি আছে তাত॥

ইন্দ্ৰ আদি দিকপাল লিখিয়া আছয়।
বাহন সহিতে সবে প্ৰকাশ কৰয়॥
মৎস্য কুৰ্ম্ম আদি কৰি দশ অৱতাৰ।
শ্ৰীকৃষ্ণক লিখিছন্ত গোপিনীবিহাৰ॥২১০৷৷

লক্ষ্মী স্বৰস্বতী লিখি আছন্ত তুহিত।
অনন্তক লিখিছ কচ্ছপে সহিত॥
বাসুকিক আদি কৰি অষ্ট নাগগণ।
সুতলৰ বলি ৰাজা কৰিছে লিখন॥

অপেস্বৰা লিখিছে লিখিছে পাৰিজাত।
বিদ্যাধৰ গন্ধৰ্ব্ব লিখিছে অসংখ্যাত॥
আদিত্যক আদি কৰি নৱগ্ৰহগণ।
গাৱে গাৱে সমস্তকে কৰিছে লিখন॥

গৰুড়ক আদি কৰি পক্ষী সমস্তয়।
ভাগে ভাগে সমস্তক লিখিয়া আছয়॥
মৃগন্দ্ৰক আদি কৰি পশুগণ যত।
যাৰ যেন বৰ্ণ তাক লিখিছে সমস্ত॥