পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। বিলাকক বিকল কৰি ৰাখে। আমি যেনে সৰু তেনে সৰু আমাৰ লগ। ডাঙ্গৰ হলেহে ডাঙ্গৰ লগ পাম। ডাঙ্গৰ হবলৈকো যতন নাই। ইচ্ছা নাই। ডাঙ্গৰ নহৈ ডাঙ্গৰক পূজিবলৈ গলে বিপদত পৰিব লা।ে। ৰাজা নহৈ ৰাজ ৰাজেশ্বৰক। পূজিবলৈ গলে ৰং নাই। সৰু মানুহে ডাঙ্গৰক পোহ দিবলৈ গলে কেনে টান। সৰুৰ সুখ নহৰ তাত দুঃখতে হয়। আমি ৰজ গুণে প্ৰকাশ হলেহে মা তোমাক পূজিবলৈ সমৰ্থ হয়। তেতিয়াহে তোমাৰ মহিমা বুজিম। তোমাক বুজিম। এতিয়া তোমাক পূজিবলৈ আমাৰ সাধ্য হোৱা নাই। আগেযে সাধনা লাগে। তেহে তোমাৰ পূজাৰ সিদ্ধি হব। তুমি সামান্য দেবা নহয়। তুমি বাজ ৰাজেশ্বৰী, সামান্যহৈ তোমাক পূজা কৰা, তোমাক লাঞ্ছনা কৰা সমান। সামান্য হৈ তোমাক পৃজি সুখ নাপালে তোমাতহে দায় থও। ই আমাৰ বৰ মুখালি। মুখ দোষ দুৰ কৰিলেই তেওঁক দেখা পোৱা যাব। | সত্যবীৰ ধৰ্ম্মৰীৰ হলেই তেও আমাৰ পূজা গ্ৰহণ কৰিব। সত্য সৰুতকৈও। সৰু। নাইবা ডাঙ্গৰতকৈ ও ডাঙ্গব। সত্যৰ আৱৰণ সৰ্প। সত্য উদঘাটন কৰিবলৈ যোৱা, সৰ্পে খাব। সত্য বৰিৰ মন্ত্ৰ। বাৰ নহলে সত্যক পালা টান। সত্য ষোড়শী ৰাজ বালা। ববি বৰেইহে এওঁৰ পতি। সত্যৰ বহুত শক্ৰ। সত্য স্বৰ্ণ স্বৰূপ। বীৰেইহে মানুহক দেখুৱাই সত্য স্বৰূপ স্বৰ্ণ কঙ্কণ ধাৰণ কৰিবলৈ, অইনৰ সাধ্য কি? সত্য সুন্দৰী কন্যা সৰ্পৰ অৰৰণ নহলে হাসুৰৰ আক্ৰমনৰ পৰা ৰক্ষা কৰা টান। বীৰ নহলে এই সুন্দৰী কন্যাক পৰৰ অত্যাচাৰৰ পৰা ৰক্ষ। কৰা টান। সত্য দুৰ্গাৰূপা। এনেহেন মূৰ্ত্তিৰ নিমিত্তে সকলোকে লাগে যদি এৰিব, বীৰ নহলে একোকে এৰিব নালাগে। (বীৰৰ গাত একোৱে বিন্ধিব নোৱাৰে, সত্যক পালিব খোজা, ববি হোৱা, নাইবা মহাদেৱৰ দৰে বাৱাজী হোৱ।। সতী সীতাৰ স্বামী ৰামচন্দ্ৰইহে। ৰামচন্দ্ৰ কেনে বীৰ তাৰ পৰীক্ষা কৰ্ত্তা ৰাৱণ। দুৰ্গাৰ ভৰ্তা কালকুট ভক্ষণ কাৰী মহাদেৱ। লক্ষীৰ পতি গৰুড় আৰোহী বিষ্ণু। ৰাধাৰ পতি কংস মৰ্দনকাৰী কৃষ্ণ। আমাৰ সম্পদ। আমি ধন সম্পত্তিৰ অধিকাৰী নহয়। আমি ধন সম্পত্তিৰ যোগ্য লোক নহয়। পূণ্য ভূমি ভাৰতবৰ্ষৰ অতুল বিভৱ আমাৰ নহয়। ধান ধন যেনে অচেতন বস্তু আমিও এই ভাৰতবৰ্ষৰ অচেতন বস্তু দাস। ইয়াৰ ধন ধানৰ যেয়ে অধিকাৰী