পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৪ অসমীয়া সাহিত্যৰ চানেকি। এতেকে ইচ্ছা বা কামেই এই জগতৰ যদি কাৰণ বা জগত প্ৰস্তুৰ মাতা, বা আদি শক্তি। প্ৰসবিতা গায়ত্ৰী গছক মানিলেই যেনেকৈ অঙ্কুৰক মানিব লাগে, কাৰ্যক মানিলেই তেনেকৈ কাৰণক মানিব লাগে। অঙ্কুৰ মেনে দেখিবলৈ সৰু, কাৰণে তেনে বুজিবলৈ গা সৰু। অৰক, যেনেকৈ গছ ডাঙ্গৰ হলে, আৰু দেখিবলৈ পোৱা নোয়, তাতে লনি হয়, . কাৰণকো তেনেকৈ কাৰ পিচত বুজিব নোৱাৰি, কাস্যৰ লগতে লয় হয় গৈ। তাক হানুভবহে কৰিব পাৰি। গছৰ ডাল, পাত, ফল, ফুলব শোভা দেখি মন ভোল গলে, গছৰ আন্ধুৰ বিচাৰিবলৈ ভাল নালাগে। বস্তুৰ স্থল ভাগ দেখি ভোল গলে, তাৰ সুগাভাগ বিচাবা টান। কিন্তু প্ৰকৃতি দৰ্শক পণ্ডিত বিলাকৰ ইচ্ছ। নহৈ নাথাকে তেও বিলাকৰ মনে অণুৰ অনুভব কৰে। গছৰ এক অন্ত ফুল ভাগ দেখি, অপব গন্ত ফুল ভাগ দেখিবলৈ চিন্তাশীল জনৰ মন নগৈ নাথাকে। নেদেখি থাকিব নোবাৰে। ঈশ্বৰ জগত ৰূপে প্ৰকাশ। জগতক দেখিলেই ঈশ্বৰক দেখা হয়। 'পিচত জগতক জন্মোৱা আদি কাৰণ আদি শক্তি কাম। যি কামৰ দ্বাৰাই, যি প্ৰকৃতিৰ দ্বাৰাই ঈশ্বৰ চালিত হৈ ঈশ্বৰে মাক ৰমন কৰি এই জগত প্ৰনয কৰিলে, এই মাতৃকা শক্তি আদ্যা শক্তি কামক বিচাৰিবলৈ মন যায়। কোনো কথাৰে আগ গুৰি ভু নাপালে যনেকৈ ভাল নেলাগে, বিশ্ব প্ৰেমীক জনৰো এই জগতৰ আদি অন্তৰ বোধ হলেহে মনৰ হেপাহ পলায়। গছৰ গুৰিত পানী দিলেই যেনেকৈ গোটেই গছ জোপাতেই পানী দিয়া হয়, তেনেকৈ এই জগতৰ আদি ৰাৰণ বিচাৰি আচ্ছা শক্তিক পৃজিলেই জগতকে পূজা কৰা হয়। কাম অগ্নিবৎ শুদ্ধ জুলন্ত ভাৱ। এনে কামৰ আগত অশুদ্ধ চেচা ভাৱ থাকিবই নোৱাৰে। এনে অগ্নিবৎ শুদ্ধ জ্বলন্ত ভাৱে সিজনক উন্মত্ত কৰে। কাৰ্যত নিয়োগ কবে, তেওঁ বীৰ। বীৰৰ দুঃখ কতো নাই। বীৰে সকলো দুঃখকে জয় কৰি নিত্য আনন্দ ভোগ কৰে। প্ৰকৃত কামত আতৃৰ হলে শৰীৰে একোকে নেমনে। লক্ষ অগ্নি ভাব গুছিলেই, কামভাৱ গুছিলেই, তেজ গুছিলেই, শক্তি গুছিলেই, চেচা হয়, মৰে, আনন্দ গুছি কান্দন আহে। দুঃখ হয় হাহাকাৰ হয়। কিহত দুঃখ হয়? সেই অগ্নি ভাৱ গুছিলে কাম ভাৱ গুছিলে, তেজ গুছিলে, শক্তি গুছিলে, কাক পূজা কৰিলে, কাক প্ৰেম ভাবে ৰক্ষা কৰিলে সুখ হয়। অগ্নি ভাৱক, কাম ভাবক, তেজক, শক্তিক। যাক পূজিলে, যাক ধাৰণা কৰিলে, আমাৰ সুখ হয়, তেওঁকেই আমি পূজা কৰিব লাগে। তেওঁকেই আমি উপাসনা কৰিব লাগে। শক্তিক পূজা কৰিলে শক্তি বেচি হয়। শক্তি থাকিলেই, শক্তি বেচি হলেই, শক্তিৰ ওচৰত যি কামনা কৰা যায় সেয়ে সিদ্ধি